চামগুৰি, 19 ছেপ্টেম্বৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ বলো সুত, ঠগী সুত, লক্ষী হাজৰিকা আৰু ভোগেশ্বৰী ফুকননীৰ পূণ্যস্মৃতিত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে বিয়লি বঢ়মপুৰৰ শ্বহীদ ভৱন প্ৰাংগণত এখন মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

স্থানীয় শিল্পীৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা শ্বহীদ দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শক্তি, সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী বিমল বৰা । বিধায়ক জিতু গোস্বামীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই সভাত শ্বহীদ লক্ষী হাজৰিকাৰ পুত্ৰ যতীন্দ্ৰ নাথ হাজৰিকা, ঠগী সুতৰ ভগ্নী ভদ্ৰা বৰা গায়ন, বলো সুতৰ বোৱাৰী অৰুণ সুত, বিজেপিৰ নগাঁও জিলা সভাপতি অভিজিৎ নাথ, কলিয়াবৰ বিজেপিৰ সভাপতি অনিল শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য লোক মুকলি সভাত উপস্থিত থাকে ।
বিজেপি নেতা তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনত স্মৃতিগ্ৰন্থ 'শ্বহীদ' উন্মোচন কৰি শক্তি মন্ত্ৰী বিমল বৰাই চাৰিগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । সভাত উপস্থিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত চাৰিগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰে । পুৱা ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পিছতে স্মৃতি বেদী, স্মৃতিসৌধত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আদিৰ লগতে এক শোভাযাত্ৰা উলিওৱা হয় ৷ শ্বহীদ দিৱসৰ দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তত দেশভক্তিমূলক গীতৰ এক অনুষ্ঠান ৰূপায়ণ কৰা হয় ৷
লগতে পঢ়ক : ৰাজ্যসভাৰ নিৰ্বাচন: ২১ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে