ETV Bharat / city

ধুমুহাৰ ফলত কাৰ্বি আংলং জিলাত ব্যাহত যাতায়ত সেৱা

author img

By

Published : Aug 24, 2022, 7:51 AM IST

কাৰ্বি আংলং জিলাত ধুমুহাৰ কালৰূপ (Heavy Strom in Karbi Anglong)৷ ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন জিলাখনৰ বিস্তীৰ্ণ এলেকা (Storm devastated several areas of Karbi Anglong district overnight) । বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তচ-নচ কৰিলে হঠাতে অহা প্ৰবল ধুমুহা-বৰষুণজাকে । ধুমুহাৰ কৱলত পৰি বিস্তৰ ক্ষতি পাহাৰীয়া জিলাখনৰ ।

Heavy Strom in Karbi Anglong
ধুমুহাৰ ফলত কাৰ্বি আংলং জিলাত ব্যাহত যাতায়ত সেৱা

ডিফু, ২৩ আগষ্ট: মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অহা প্ৰৱল ধুমুহা আৰু বৃষ্টিপাতৰ ফলত কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে (Heavy Strom in Karbi Anglong) ৷ জিলাখনৰ বিভিন্ন প্ৰান্ত কৃত্ৰিম বানত প্লাৱিত হৈ পৰাৰ লগতে ঠায়ে-ঠায়ে গছ বাগৰি যাতায়ত সেৱা বন্ধ হৈ পৰাও পৰিলক্ষিত হৈছে(Many trees falling on road) ।

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম-খেৰণি পথৰ কুঠেপি ম’ডেল স্কুল আৰু জেংখাৰ টেলেহৰ পথৰ দলং নিৰ্মাণকাৰ্য আজি পাঁচটা বছৰে বন্ধ হৈ থকাত উপ পথটোৰ ওপৰেদি বৈ অহা পাহাৰৰ প্ৰৱল পানীৰ সোঁতে ঘাইপথটোৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে ৷

ইপিনে, ডংকামোকাম-লিঞ্চিকা সংযোগী হামৰেণ আৰু বৈঠালাংছ সংযোগী টিকা-হামৰেণ ঘাইপথটোৰ ওপৰতো প্ৰকাণ্ড গছ আৰু বাঁহগছ বাগৰি পৰাৰ ফলত মংগলবাৰৰ পুৱাৰে পৰা এই তিনিওটা ঘাইপথেৰে যাতায়ত বন্ধ হৈ পৰিছে(Many trees falling on road) ৷ প্ৰৱল বৃষ্টি পাতৰ ফলত জিলাখনৰ কৰি’ডৰ চহৰ ডংকামোকাম আৰু ডংকামোকাম সাপ্তাহিক বজাৰ পানীৰে প্লাৱিত হৈ পৰাৰ লগতে টেংকেৰালাংছ, বৰথল, ঘিলানী, ডংকামোকাম আদি বৃহত্তৰ অঞ্চলসমূহো প্লাৱিত হৈ পৰিছে ৷ যাৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন(Disrupted Public life) ৷

পুৱতি নিশা অহা ধুমুহা-বৃষ্টিপাতৰ ফলত বৃহত্তৰ ডংকামোকাম নগৰ আৰু সাপ্তাহিক বজাৰবোৰৰ লগতে পাহাৰীয়া জিলাখনৰ শতাধিক ঘৰ কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে ৷ প্ৰবল ধুমুহাজাকে নিমিষতে তচনচ কৰি থৈ গ’ল বহুতৰে মৰমৰ ঘৰখন ৷ পুৱতি নিশাৰে পৰা অহা ধাৰাসাৰ বৰষুণত পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰৱল সোঁতে জিলাখনত সৃষ্টি কৰিছে হাহাকাৰ আৰু আতংকময় পৰিস্থিতিৰ(Desperation and panic situation) ।

আনপিনে, টিকা-বৈঠালাংছ’ৰ ঘাইপথৰ ওপৰতো প্ৰকাণ্ড গছ বাগৰি পৰাত পুৱাৰে পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে এই বৃহত্তৰ অঞ্চলবোৰত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱাও(Electricity connection disrupted) ৷ উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ গাঁও আৰু নগৰ উন্নয়ন বিভাগৰ অধীনস্থ ডংকামোকাম নগৰৰ সংশ্লিষ্ট বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এজাক বৰষুণতে নগৰখন পানীৰে প্লাবিত হৈ পৰে আৰু জলবন্দী হৈ পৰে ডংকামোকাম নগৰবাসী ৷

সভা-সমিতিয়ে সঘনাই উন্নয়নৰ ঢাক-ঢোল বজোৱা কাৰ্বি পৰিষদখনৰ প্ৰকৃত নগ্ন ৰূপটোকেই যেন অৱশেষত উদঙাই দিলে প্ৰকৃতিয়ে ৷

লগতে পঢ়ক: ডংকামোকামত শতাধিক পৰিয়ালে যোগ দিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.