নিউজ ডেস্ক, 14 অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক তথা এন আৰ চিক লৈ প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত ৷ সোমবাৰে তিনিখন জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰা প্ৰতিবাদত উত্তাল হৈ পৰে অসম ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা, এন আৰ চিত হিন্দু বঙালীৰ নাম অন্তৰ্ভূক্তি, এন আৰ চি সম্পৰ্কে সজাগতা ইত্যাদি বিভিন্ন বিষয়ত পৃথকে পৃথকে প্ৰতিবাদ আৰু জনসভাৰ আয়োজন কৰে এই সংগঠনকেইটাই ৷
গোলাঘাটৰ খুমটাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । খুমটাই আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খুমটাইৰ ৰাজহচক্ৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা বিজেপি আৰু আৰ.এছ.এছক সকীয়নি দি কোনো কাৰণতে এই বিধেয়ক কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব বুলি কয় । এই প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাট জিলা সমিতিৰ সভাপতি , ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক আৰু বহু সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
এন আৰ চি সম্পৰ্কত আৰু হাইলাকান্দিত সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ সম্পৰ্কত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আজিজুৰ ৰহমানে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । নগাওঁ জিলাৰ কচুৱা আঞ্চলিক ঈদগাহ পথাৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ কচুৱা আঞ্চলিক সমিতি তথা কচুৱা সচেতন নাগৰিক মঞ্চৰ যৌথ উদ্যোগত এন আৰ চি বিষয়ৰ ওপৰত এক বিশাল সজাগতা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই দুয়োটা বিষয়ৰ ওপৰত মন্তব্য কৰে আজিজুৰ ৰহমানে । এনআৰচিক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি ৰাইজক ইয়াত ভোল নাযাবলৈ অনুৰোধ জনায় ৷ ৰহমানে লগতে হাইলাকান্দিত সংঘটিত শেহতীয়া ঘটনাৰ প্ৰকৃত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায় ৷
ইফালে, এনাৰচিত বাদ পৰা হিন্দু বঙালীৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনাই এইবাৰ লখিমপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে এন.আৰ.চিত হিন্দু বঙালীৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ দাবীৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷