ETV Bharat / city

HS final result 2022: চাৰ্টাৰ্ড একাউটেন্ট হোৱাৰ সপোন বাণিজ্য শাখাত চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰিয়াসীৰ - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

সোমবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ গোৱালপাৰা চহৰৰ প্ৰিয়াসী ঘোষে চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৯৪.৭ শতাংশ নম্বৰ লাভ কৰে(Priyakshi Ghosh secured fourth in commerce stream) ৷

priyakshi-ghosh-secured-fourth-in-commerce-stream-of-hs-final-from-goalpara
চাৰ্টাৰ্ড একাউটেন্ট হোৱা সপোন চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰিয়াসীৰ
author img

By

Published : Jun 27, 2022, 12:28 PM IST

গোৱালাপাৰা, 27 জুন : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰিয়াসী ঘোষে বাণিজ্য শাখাত অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি গোৱালপাৰা জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়(Priyakshi Ghosh secured fourth in commerce stream) । প্ৰিয়াসীয়ে সৰ্বমুঠ ৯৪.৭ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে(Fourth in commerce stream) ৷ তেওঁ গোৱালপাৰা চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল ৷ ভৱিষ্যতে চাৰ্টাৰ্ড একাউটেন্ট হোৱাৰ সপোন প্ৰিয়সীৰ ।

চাৰ্টাৰ্ড একাউটেন্ট হোৱা সপোন চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰিয়াসীৰ

উল্লেখ্য যে, সোমবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল(HS final result 2022) । পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল । ছাত্ৰ–ছাত্ৰীসকলৰ সুবিধাৰ্থে সংসদে মুঠ ১৬ টাকৈ ৱেবছাইটযোগে ঘোষণা কৰে পৰীক্ষাৰ ফলাফল ।

ফলাফল মতে কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ ১,৫৬,১০৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ২৯,৪৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৫২,৯৪৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৪৭,৮৯৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । মুঠ ১,৩০,৩২৪ গৰাকী পৰীক্ষাৰ্থীয়ে কলা শাখাত উত্তীৰ্ণ হয় আৰু শতাংশ হিচাপত এয়া আছিল ৮৩.৪৮ শতাংশ ।

বাণিজ্য শাখাত ৫,০১৮ গৰাকীয়ে প্ৰথম বিভাগত, ৫,১৮৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩,০৬০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । পৰীক্ষাত অৱতীৰ্ণ ১৫,১৯৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ ১৩,২৬৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু শতাংশ হিচাপত এয়া ৮৭.২৭ শতাংশ ।

আনহাতে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৩৩,৫৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ২০,১৭১ গৰাকীয়ে প্ৰথম বিভাগত, ৯,৮৩৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৯১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । মুঠ ৩০৯১৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু শতাংশ হিচাপত এয়া আছিল ৯২.১৯ শতাংশ ।

লগতে পঢ়ক : HS Exam result 2022: শিৱসাগৰলৈ গৌৰৱ কঢ়িয়ালে 3 কৃতি শিক্ষাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.