চামগুৰি, 14 আগষ্ট : সমাগত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । চামগুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে নিশ্চিদ্ৰ তালাচী অভিযান । এই বিশেষ দিনটোৰ প্ৰাক মুহূৰ্তত সষ্টম হৈ পৰিছে অসম আৰক্ষী । নগাঁও জিলাৰ চামগুৰিতো দেখা পোৱা গৈছে অনুৰূপ পৰিৱেশ । চামগুৰি আৰক্ষী থানাৰ সন্মুখত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত প্ৰায় কুৰি জন বিষয়া-জোৱানে পুৱাৰে পৰা আৰম্ভ কৰিছে নিশ্চিদ্ৰ তালাচী অভিযান ।
স্বাধীনতা দিৱসৰ দিনটোত কোনো সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে যাতে নগাঁও জিলাৰ বিভিন্ন স্থানৰ লগতে চামগুৰি অঞ্চলতো কোনো ধৰণৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিশাৰ ভাগতো তৎপৰতা দেখা পোৱা গৈছে চামগুৰি আৰক্ষী । থানাখনৰ সন্মুখত বেৰিকেড বহুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা প্ৰতিখন বাহনতে নিশা পৰ্যন্ত তালাচী চলোৱা পৰিলক্ষিত হৈছে ।
অৱশ্যে 15 আগষ্টৰ পূৰ্বে চামগুৰি আৰক্ষীয়ে দেখুওৱা এই তৎপৰতাক সহাঁৰি জনাইছে যাত্ৰী তথা বাহন চালক সকলে । উল্লেখ্য যে, 15 আগষ্ট পৰ্যন্ত চামগুৰি আৰক্ষীয়ে অধিক তৎপৰতাৰে দিনে-নিশাই ৰাজপথ চোৱাত নিশ্চিদ্ৰ তালাচী অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকান্ত দলেয়ে।
![naka-checking-at-samuguri-police-etv-bharat-assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-smg-06-13aug-police-night-naka-checking-visbite-asc10079_13082021214537_1308f_1628871337_529.jpg)
ইপিনে বঙাইগাঁৱতো দেখা গৈছে আৰক্ষীৰ সষ্টম ভূমিকা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বঙাইগাঁৱত ৷ জিলাখনৰ বিভিন্ন ঠাইত তালাচী চলাইছে আৰক্ষী-প্ৰশাসনে ৷ শুকুৰবাৰে সন্ধিয়াৰ ভাগত আৰক্ষীয়ে অভয়াপুৰী আৰু মাণিকপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ তালাচী অভিযান চলায় ৷ এই তালাচীত সাৰি যোৱা নাই বাইক কিম্বা চাৰিচকীয়া বাহন ।
সকলো বাহনতে এফালৰ পৰা চলাই গৈছে তালাচী অভিযান ৷ স্বাধীনতা দিৱসত শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে চলিছে এই তালাচী অভিযান ।
লগতে পঢ়ক:বঙাইগাঁৱত আৰক্ষীৰ নিছিদ্ৰ তালাচী