ETV Bharat / city

Japanese Encephalitis: ম'হৰ পৰা বাচি থাকিবলৈ ৰাইজক আহ্বান স্বাস্থ্য বিভাগৰ - যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্ত

"জাপানীজ এনকেফেলাইটিছ এটা অতি মাৰাত্মক ৰোগ ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ ম'হৰ পৰা বাচি থাকক ৷" জাপানীজ এনকেফেলাইটিছৰ পৰা বাচি থাকিবলৈ পৰামৰ্শ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্তৰ (Japanese encephalitis in Nogaon)

Japanese encephalitis in Nogaon
প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা নগাঁও স্বাস্থ্য বিভাগৰ
author img

By

Published : Jul 26, 2022, 6:29 PM IST

নগাঁও, 26 জুলাই: "জাপানীজ এনকেফেলাইটিছ এটা অতি মাৰাত্মক ৰোগ ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ ম'হৰ পৰা বাচি থাকক ৷ ঘৰৰ ওচৰত থকা পানীৰ ডোঙাবোৰ চাফা কৰি ৰাখক ৷ ম'হে কামুৰিব নোৱাৰাকৈ সকলোৱে বাচি থাকক ৷ জ্বৰ হোৱাৰ লগে লগে চিকিৎসকৰ পৰা পৰামৰ্শ লওক ৷" জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে নগাঁও স্বাস্থ্য বিভাগ ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ পৰামৰ্শ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্তৰ (Japanese encephalitis in Nogaon) ৷

বানৰ পিছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছ । ক্ৰমাৎ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক বৃদ্ধি পাইছে (Japanese Encephalitis in Assam) । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ মৃতকৰ সংখ্যাও ।

নগাঁৱতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ (Japanese encephalitis Outbreak in Nagaon)। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আৰম্ভ হৈছে এনকেফেলাইটিছৰ চিকিৎসা ৷ জাপানীজ এনকেফেলাইটিছক লৈ নগাঁও স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমিধ্যেই 5 জনৰ মৃত্যু হৈছে নগাঁৱত ৷ এতিয়ালৈ নগাঁও জিলাত এই ৰোগত আক্ৰান্তৰ সংখ্যা 38 জন ৷

প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা নগাঁও স্বাস্থ্য বিভাগৰ

কোনো লোকৰ শৰীৰত জাপানীজ এনকেফেলাইটিছৰ লক্ষণ দেখিলেই নগাঁও স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীৰ ৷ লগতে তেওঁ কয় যে, বিশেষকৈ জমা হৈ থকা পানীৰ পৰাই বৃদ্ধি হোৱা কিউলেক্স নামৰ ম'হ বিধৰ পৰাই জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ হয় ৷ কিউলেক্স ম'হৰ পৰা ৰক্ষা কৰিবলৈ জিলা স্বাস্থ্য বিভাগে প্ৰায়সমূহ এলেকাতে ফগিঙৰ ব্যৱস্থা কৰাৰ কৰিছে ৷

নগাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত 6 খন বিচনাযুক্ত আই চি ইউৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগেই জিলা স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ৷ প্ৰয়োজনত স্বাস্থ্য সঞ্চালকগৰাকীয়ে নিজৰ ফোন নম্বৰ 9435060417 টো যোগাযোগ কৰিবলৈ আহ্বান জনায় যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে (Joint Director of Health, Arup Jyoti Mahanta)৷

ইয়াৰ সমান্তৰালকে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনায় যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ।

লগতে পঢ়ক : JE in Assam: GMCHত চিকিৎসাধীন হৈ আছে ৩৯ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.