ETV Bharat / city

Drug mafia saga: ৰাজ্যত ড্ৰাগছ মাফিয়াৰ ৰূপত মহিলাৰ আত্মপ্ৰকাশ !

author img

By

Published : Sep 4, 2021, 6:51 PM IST

আৰক্ষীৰ বাবে অধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ড্ৰাগছ মাফিয়াই ৷ শেহতীয়াকৈ ড্ৰাগছ মাফিয়াৰ ৰূপত আত্মপ্ৰকাশ ঘটিছে একাংশ মহিলাৰ ৷

female-involvement-in-drugs-racket-of-assam
Drug mafia saga : ৰাজ্যত ড্ৰাগছ মাফিয়াৰ ৰূপত মহিলাৰ আত্মপ্ৰকাশ !

নগাঁও, 4 ছেপ্টেম্বৰ : প্ৰায় প্ৰতিদিনেই ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ কেইটামান মাহত অসম আৰক্ষীয়ে চলোৱা এই অভিযানত ড্ৰাগছ মাফিয়াৰ অন্ধকাৰ জগতখনৰ বহু পূৰ্বতে নজনা তথ্য পোহৰলৈ আহিছে ৷ ইফালে, অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী এই অভিযানত আটাইতকৈ চৰ্চিত আৰক্ষী বিষয়া গৰাকীয়েই হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ প্ৰায় প্ৰতিদিনেই নগাঁও জিলাত আনন্দ মিশ্ৰই গঠন কৰি দিয়া আৰক্ষীৰ বিশেষ গোটে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

কিন্তু, ইমানৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছ মাফিয়াৰ সক্ৰিয়তা ৷ এক কথাত বিষয়টো এতিয়া আৰক্ষী বনাম ড্ৰাগছ মাফিয়াৰ এখন চাঞ্চপেঞ্চ -থ্ৰীলাৰত পৰিগণিত হৈছে ৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, জিলাখনত ড্ৰাগছ মাফিয়াৰ ৰূপত আত্মপ্ৰকাশ ঘটিছে একাংশ মহিলাৰ ৷ পিছে অপৰাধী যদি ডালে-ডালে, আৰক্ষী বাহিনীও পাটে পাটে; ফলত নগাঁও আৰক্ষীৰ অভিযানত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে এগৰাকীৰ পিছত আনগৰাকী মহিলা ।

একেদৰে শনিবাৰে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নগাঁও চহৰৰ খ্ৰীষ্টানপট্টিত এটা অভিযান চলায় । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ দলে খ্ৰীষ্টানপট্টিৰ ৰেছমা বেগম নামৰ এগৰাকী মহিলাৰ বাসগৃহত এই অভিযান চলায় ।

মহিলাগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীৰ দলটোৱে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে বহুকেইটা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ অভিযোগত ৰেছমা বেগম নামৰ মহিলাগৰাকীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । জানিব পৰা মতে, সম্প্ৰতি একাংশ পুৰুষে এতিয়া নিজৰ পত্নী সকলকো ড্ৰাগছ ব্যৱসায়ত জড়িত কৰাইছে । এনেদৰে বৰবিহ সদৃশ ড্ৰাগছৰ ব্যৱসায়ত একাংশ মহিলা জড়িত হৈ পৰা ঘটনাই এতিয়া আৰক্ষীৰ বাবে অধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ কৰিলে সাহসী মহিলা আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.