ETV Bharat / city

জাগীৰোডত জালনোটসহ দুই ব্যৱসায়ীক আটক

author img

By

Published : Sep 9, 2022, 10:38 PM IST

শুকুৰবাৰে জাগীৰোড আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযান চলাই জাগীৰোডৰ তৰঙাপাৰৰ পৰা বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে (Fake currency seized at Jagiroad) ৷ লগতে জালনোট ব্যৱসায়ৰ লগত জড়িত দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

fake currency seized by Nagaon and Jagiroad policc at Jagiroad
জাগীৰোডত অভিযান চলাই জালনোটসহ দুই ব্যৱসায়ী আটক

নগাঁও, 9 ছেপ্তেম্বৰ: জাগীৰোডত নগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ কৰে ৷ লগতে জালনোট ব্যৱসায়ৰ লগত জড়িত দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

ঘটনা অনুসৰি, শুকুৰবাৰে জাগীৰোড আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযান চলাই জাগীৰোডৰ তৰঙাপাৰৰ পৰা বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে (Fake currency seized at Jagiroad) ৷ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানত জাগীৰোডৰ আলিচিঙাৰ চাহজাহান আলী আৰু লখিমপুৰৰ নিজান আলী নামৰ জালনোট ব্যৱসায়ৰ লগত জড়িত দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

জালনোট ব্যৱসায় সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত দুটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যে, বিগত 7 ছেপ্টেম্বৰত নগাঁৱৰ কচুৱাৰ হাটিখুটিত আৰক্ষীয়ে জব্দ কৰিছিল নকল টকা বনোৱা মেচিন (Kachua Police busts fake currency printing racket) । কচুৱা আৰক্ষীয়ে চলোৱা অভিযানত এগৰাকী মহিলাসহ দুজন লোকক আটক কৰা হৈছিল ৷

সামান্তৰালভাৱে 6 ছেপ্টেম্বৰত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গুৱাহাটীৰ হাতীগাঁও এলেকাৰ এটা বিশেষ ঘৰত অভিযান চলাই (Nagaon Police raid in Guwahati) জালনোট প্ৰস্তুত কৰা চক্ৰৰ মহিলাসহ চাৰিগৰাকীকৈ সদস্যক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: গুৱাহাটীত জালনোট প্ৰস্তুত কৰা মেচিনসহ আটক ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.