ETV Bharat / city

শতবর্ষ গৰকিলে কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে

author img

By

Published : Oct 10, 2022, 6:11 PM IST

কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিলে শতবর্ষ সমাৰোহ (100th anniversary of Bhalaguri Satra Samabai Samiti) ৷ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা সমবায় সমিতিৰ স্থায়ী তোৰণ আৰু শ্ৰৱণী সত্ৰত কলিয়াবৰ শিশু নিকেতন বিদ্যালয়ৰ জিৰণি চ'ৰা উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ।

celebrating-100th-anniversary-of-bhalaguri-satra-samabai-samiti-at-koliabor-in-nagaon
শতবর্ষ গৰকিলে কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে

কলিয়াবৰ, 10 অক্টোবৰ: মাত্ৰ ৬৭০ টকা মূলধনৰে কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত নৱ জাগৰণ সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা পালন কৰে শতবর্ষ সমাৰোহ (Bhalaguri Satra Samabai Samiti) । ১৯২০ চনৰ প্ৰাক্ স্বাধীনতাৰ সময়ত স্থাপিত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে শতবর্ষ সমাৰোহ (100th anniversary of Bhalaguri Satra Samabai Samiti) ৷

পুৱাৰ ভাগত পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হ'য় সমাৰোহৰ কাৰ্যসূচী । সমবায় সমিতিৰ স্থায়ী তোৰণ আৰু শ্ৰৱণী সত্ৰত কলিয়াবৰ শিশু নিকেতন বিদ্যালয়ৰ জিৰণি চ'ৰা উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta) । দুদিনীয়াকৈ উদযাপিত শতবৰ্ষ সমাৰোহত মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora), সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে স্বাস্থামন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে, সমবায় আন্দোলনৰ নেতৃত্ব দিয়া প্ৰায়ত খৰ্গেশ্বৰ গোস্বামীয়ে প্ৰতিষ্ঠা কৰা ভলাগুৰি সত্ৰ সমবায় সমিতি ২০২০ বর্ষতে শতবৰ্ষ গৰকিছিল ৷ যদিও ক’ভিড পৰিস্থিতিৰ বাবে শতবৰ্ষ উৎসৱ পালন কৰিবলৈ গৈও থমকি ৰ'ব লগা হৈছিল সমিতিখন ৷

ইতিমধ্যে বৃটিছৰ শাসন দিনতে ১৯২০ চনত কলিয়াবৰৰ কেইগৰাকীমান দূৰদৰ্শী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত জন্ম লাভ কৰা সমবায় সমিতিখনে দাঙি ধৰিবলৈ সক্ষম হৈছে ৰাজ্য তথা দেশৰ ভিতৰতে উৎকৃষ্টতাৰ নিদৰ্শন ।

লগতে পঢ়ক: ডিব্ৰুগড়ত মহিলা ভাওনাই মুগ্ধ কৰিলে অগণন দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.