ETV Bharat / city

নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰৱ জয়ন্ত মল্ল বৰুৱা

মঙলবাৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে জয়ন্ত মল্ল বৰুৱাই ৷ এই সংবাদমেলত প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাই । লগতে প্ৰদ্যুৎ বৰদলৈক সম্ভ্ৰান্ত চাহাব বুলি মন্তব্য কৰে বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই

author img

By

Published : Apr 10, 2019, 3:06 AM IST

নগাঁৱত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

নগাঁও,9 এপ্ৰিলঃ "ৰাহুল গান্ধীয়ে কুকুৰৰ লগত কথা পাতে সেইকাৰণে প্ৰদ্যুৎ বৰদলৈয়েও কুকুৰৰ লগত কথা পাতে ৷ যাতে ৰাহুল গান্ধীয়ে তেওঁক ভাল পাওক" মঙলবাৰে নগাঁৱত সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য বিজেপি নেতা তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে প্ৰচাৰ চলালে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ মঙলবাৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুৎ বৰদলৈক কটু সমালোচনা কৰে বিজেপিৰ নেতা দুজনে ৷ এই সংবাদমেলত প্ৰদ্যুৎ বৰদলৈক উচ্চ ব্যক্তিত্ব সম্পন্ন ব্যক্তি বুলি উল্লেখ কৰি "সম্ভ্ৰান্ত চাহাব" বুলি মন্তব্য কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই । লগতে মাৰ্ঘেৰিটাই বিগত নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ৱাৰ্ডতে পৰাজিত হোৱা বুলি উল্লেখ কৰে। ইপিনে সংবাদমেলত বিজেপি নেতা তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈক । সংবাদমেলত জয়ন্ত মল্লই ৰাহুল গান্ধীৰ কুকুৰৰ প্ৰসংগ উল্লেখ কৰি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰাহুল গান্ধীক সন্তুষ্ট কৰিবলৈ নিশা কুকুৰৰ সৈতে কথা পাতে বুলি কটাক্ষ কৰে ৷ লগতে প্ৰদ্যুৎ বৰদলৈ শক্তি মন্ত্ৰী হৈ থকাৰ সময়তেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঁহৰ খুঁটা ব্যৱহাৰ কৰা হৈছিল বুলিও অভিযোগ তুলে জয়ন্ত মল্ল বৰুৱাই ।

Intro:এইবাৰ জয়ন্ত মল্ল বৰুৱাৰ মুখত ৰাহুল গান্ধীৰ কুকুৰৰ প্ৰসংগ। নগাঁৱত প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা জয়ন্ত মল্ল বৰুৱাৰ। প্ৰদ্যুৎ বৰদলৈক সম্ভ্ৰান্ত চাহাব বুলি কলে বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই।

Body:দ্বীতীয় পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া নগাওঁ লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ মাৰ্ঘেৰিটাৰ পৰা আহিছে বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা। মঙলবাৰে নগাওঁ জিলা বিজেপিৰ কাৰ্য্যালয়ত সংবাদ মেলৰ আয়োজন প্ৰদ্যুৎ বৰদলৈক উচ্চ ব্যক্তিত্ব সম্পন্ন বুলি উল্লেখ কৰি সম্ভ্রান্ত চাহাব বুলি কলে পবিত্ৰ মাৰ্ঘেৰিটাই। লগতে বিগত নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈ নিজৰ ৱাৰ্ডতে পৰাজিত হোৱা বুলি উল্লেখ কৰে। লগতে প্ৰদ্যুৎ বৰদলৈক মাৰ্ঘেৰিটাৰ লোকে সহজে সাক্ষাৎ কৰিব নোৱাৰে বুলিও সংবাদ মেলত মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।
bite, মাৰ্ঘেৰিটা।
vo, সংবাদ মেলত বিজেপি নেতা তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈক। সংবাদ মেলত জয়ন্ত মল্লৰ মুখত ওলাল ৰাহুল গান্ধীৰ কুকুৰৰ প্ৰসংগ। নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰাহুল গান্ধীক সন্তুষ্ট কৰিবলৈ নিশা কুকুৰৰ সৈতে কথা পাতে বুলি মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। প্ৰত্যুৎ বৰদলৈ শক্তি মন্ত্ৰী হৈ থকাৰ সময়তেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঁহৰ খুঁটা ব্যৱহাৰ কৰা হৈছিল।
bite, জয়ন্ত মল্ল।
---------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.