ETV Bharat / city

শৰতৰ লগে লগে ধৰালৈ নামিব দেৱী দূৰ্গা - শৰৎ ঋতুত দেৱী দূৰ্গাক আদৰণী

অশান্ত কহুৱাই মানুহৰ মনবোৰ অশান্ত কৰি তোলাৰ শৰৎ ঋতুত দেৱী দূৰ্গাক আদৰিৱলৈ অন্তহীন ব্যস্ততা মত্তবাসীৰ ৷ দুৱৰি বনত নিয়ৰে চুমা দিয়া শৰতৰ বিনন্দীয়া বতৰতে ধৰালৈ দুষ্টক দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈ নামি আহিব দূৰ্গতিনাশিনী দেৱী দূৰ্গা ৷

শৰতৰ লগে লগে ধৰালৈ নামিব দেৱী দূৰ্গা
author img

By

Published : Sep 24, 2019, 6:34 PM IST

নিউজ ডেক্স, 24 ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে এতিয়া দশভূজাক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ আধ্যাত্মিকতাৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰযুক্তি লৈকে সকলো প্ৰকাৰে মা দূৰ্গাক আদৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে মত্যবাসীয়ে ৷ ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীৰ ৷ ব্যস্ত হৈছে দূৰ্গা পূজাৰ আয়োজক সকলো ৷ কাৰণ এয়া যে শৰতৰ বতৰ, এয়া যে দুষ্টক দমন কৰি ধৰাত শান্তি প্ৰতিষ্ঠা কৰিবলৈ নামি অহা দেৱী দূৰ্গাক আদৰাৰ বতৰ ৷ সকলোৰে দৃষ্টিত শৰতৰ আছে সুকীয় গৰিমা ৷

দূৰ্গোৎসৱত নানা ধৰনে চমক দিৱলৈ, ৰাজ্যৰ চৌপাশে আকৰ্ষণীকৈ সজাই তোলা হৈছে মণ্ডপ সমূহ ৷ নগাঁৱৰ শনিমন্দিৰ পূজা সমিতিয়ে এইবাৰ মচুৰ ডালিৰে নিৰ্মাণ কৰি আছে দূর্গাৰ প্ৰতিমা আৰু পূজা মণ্ডপ। নামঘৰৰ আৰ্হিত নিৰ্মীয়মান এইখন শনিমন্দিৰ পূজা মণ্ডপতে দেখা পাব মচুৰ ডালিৰে নিৰ্মিত দুৰ্গা প্ৰতিমা । নগাঁৱৰ স্থানীয় শিল্পী অচ্যুত শইকীয়া আৰু তেওঁৰ পত্নী জ্যোতিৰাণী শইকীয়াই নিৰ্মাণ কৰা এই প্ৰতিমাত এই পৰ্য্যন্ত খৰছ হৈছে এক কুইণ্টলতকৈ অধিক মচুৰ ডালি।

শৰতৰ লগে লগে ধৰালৈ নামিব দেৱী দূৰ্গা

সমান্তৰালকৈ, এতিয়া অন্তহীন ব্যস্ততা মৃণ্ময় শিল্পীসকলৰ ৷ মৃন্ময় শিল্পীৰ হাতৰ সুনিপুন পৰশত লাহে-লাহে পূৰ্ণাতা পাইছে দশভূজাৰ মৃণ্ময় প্ৰতিমাই ৷ এতিয়া মাথো প্ৰয়োজন অন্তিম পৰশৰ ৷ এতিয়া এনেদৰে অশান্ত কহুৱাই মানুহৰ মনবোৰ অশান্ত কৰি তোলাৰ শৰৎ ঋতুত দেৱী দূৰ্গাক আদৰিৱলৈ অন্তহীন ব্যস্ততা মত্তবাসীৰ ৷ দুৱৰি বনত নিয়ৰে চুমা দিয়া শৰতৰ বিনন্দীয়া বতৰতে ধৰালৈ দুষ্টক দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈ নামি আহিব দূৰ্গতিনাশিনী দেৱী দূৰ্গা ৷

Intro:ধৰাৰ বকুলৈ আকৌ আহিছে শৰৎ।Body:আহিনৰ বোকোছাত উঠি ধৰাৰ বুকুলৈ আকৌ শৰৎ আহিছে।শৰৎ আহিছে সংগোপনে।শৰৎ অহাৰ লগে লগে নৈ পাৰৰ কুহুৱা বোৰেও নৈৰ পানীৰ সৈতে খেলিছে।

হয় বৰ্ষা ঋতুৰ অৱসান ঘটাই আকৌ ধৰাৰ বকুলৈ আহিছে প্ৰকৃতিৰ বিনন্দীয়া ঋতু শৰৎ ।শৰৎ মানে যেন শেৱালি ফুলৰ গোন্ধ।শৰৎ অহাৰ লগে লগে আকাশখনো নিৰ্মল হৈ পৰিছে।ধৰাৰ বকুলৈ শৰৎৰ লগে লগে আহিছে দেৱী দুৰ্গা।সেয়েহে এতিয়া দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি প্ৰস্তুত কৰাত ব্যস্ত হৈ শিল্পী সকল।এয়া নলবাৰীৰ পাগলদিয়া নৈৰ পাৰৰ কহুৱাৰ দৃশ্য।অশান্ত কহুৱাই যেন মানুহৰ মনবোৰো অশান্ত কৰি তুলিছে।শৰৎ মানে যেন কবি সাহিত্যিকৰ নতুন সৃষ্টি।প্ৰাণ পাই উঠে বহুতো গীত কবিতা।প্ৰকৃতিৰ বিনন্দীয়া ঋতু শৰততে দূৱৰী বনতে নিয়ৰে চুমা আকি দিয়ে।আমাৰ মাজলৈ শৰৎ আহিছে শৰৎ বিনন্দীয়া ,শৰৎ আদৰণীয়।Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.