জুৰীয়া, 11 আগষ্ট: ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ ৰূপহীহাটৰ জুৰীয়াতো সোমবাৰে পুনৰ দুগৰাকী মহিলাৰ শৰীৰত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷
নগাঁও জিলাৰ ৰূপহীহাটৰ পজিটিভ প্ৰাপ্ত মহিলা দুগৰাকী ক্ৰমে হৈছে জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী বগৰীগুৰিৰ আইছা ছিদ্দিকা আৰু দলনি জুৰীয়াৰ গৰ্ভাৱতী মহিলা নাজিমা খাতুন ৷ চিকিৎসকে জনোৱা মতে, গৰ্ভৱতী মহিলা নাজিমা খাতুনক চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে চাওক-ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী