ETV Bharat / city

টীয়কত বিজেপি মিত্ৰজোঁটৰ ঘৰে ঘৰে প্ৰচাৰ অভিযান

author img

By

Published : Mar 15, 2021, 5:01 PM IST

টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ ঘৰে ঘৰে প্ৰচাৰ চলাইছে একাংশ দলীয় কৰ্মীয়ে ৷ পূৱ টীয়ক গাঁও পঞ্চায়তত সাত হাজাৰ ভোটৰ ভিতৰত প্ৰায় ছয় হাজাৰ ভোটেই মিত্ৰজোঁটে লাভ কৰিব বুলি আশা ব্যক্ত কৰ্মকৰ্তাসকলৰ ৷

টীয়কত বিজেপি মিত্ৰঁজোটৰ ঘৰে ঘৰে প্ৰচাৰ অভিযান

টীয়ক,15 মাৰ্চ: এতিয়া চৌদিশে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাৰ্থীসকল । তাৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ ঘৰে ঘৰে প্ৰচাৰ চলাইছে একাংশ নিষ্ঠাবান দলীয় কৰ্মীয়ে । এই দৃশ্য টীয়কৰ পূৱ টীয়ক গাঁও পঞ্চায়তৰ কাৱৈমাৰী অঞ্চলৰ । পঞ্চায়তখনৰ অগপ দলৰ পৰা জয়ী হোৱা সভানেত্ৰীকে প্ৰমুখ্য কৰি বিজেপিৰ দলীয় কৰ্মকৰ্তাই মিত্ৰতাৰ প্ৰতি সন্মান জনাই একেলগে প্ৰচাৰ আৰম্ভ কৰিছে ৷

কৰ্মীসকলে অগপ-বিজেপি জিন্দাবাদ ধ্বনিৰে গাঁৱখনৰ প্ৰতি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, এই প্ৰচাৰৰ মাজেদি প্ৰতিগৰাকী ভোটাৰক ভোট প্ৰদান কৰাৰ লগতে উন্নয়নৰ গতি অক্ষুণ্ণ ৰাখিবলৈ মিত্ৰজোঁটৰ পক্ষত ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় । পঞ্চায়তখনত থকা সাত হাজাৰ ভোটাৰৰ ভিতৰত প্ৰায় ছয় হাজাৰ ভোটেই মিত্ৰজোঁটে লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে কৰ্মকৰ্তাসকলে ।

লগতে পঢ়কঃ অসম জাতীয় পৰিষদত খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.