ETV Bharat / city

যোৰহাটত সুলভ মূল্যৰ দোকানত চাউলৰ চোৰাং সৰবৰাহ - চাউল চোৰাং সৰবৰাহ

ৰাজ্যত অব্যাহত আছে চাউলৰ চোৰাং সৰবৰাহ (Illegal rice smuggling in Assam) । শেহতীয়াকৈ যোৰহাটত সুলভ মূল্যৰ দোকানত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি (PDS rice illegal sale racket busted in Jorhat) ৷ পুলিবৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে ৮০ বেগ চাউল ৷

pds-rice-illegal-sale-racket-busted-in-jorhat
যোৰহাটত সুলভ মূল্যৰ দোকান চাউলৰ চোৰাং সৰবৰাহ
author img

By

Published : Jul 6, 2022, 1:03 PM IST

যোৰহাট, 6 জুলাই: ৰাজ্যত অব্যাহত আছে চাউল চোৰাং সৰবৰাহ (Illegal rice smuggling in Assam) । বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ হৈ অহা চাউল জব্দ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত একাংশক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও চলি আছে চাউলৰ চোৰাং সৰবৰাহ ৷ ইফালে একাংশ দুষ্টচক্ৰই সুলভ মূল্যৰ দোকানৰ চাউল অবৈধভাৱে বিক্ৰী কৰি আহিছে ।

যোৰহাটত সুলভ মূল্যৰ দোকান চাউলৰ চোৰাং সৰবৰাহ

শেহতীয়াকৈ যোৰহাটত সুলভ মূল্যৰ দোকানত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি (PDS rice illegal sale racket busted in Jorhat) ৷ এক গোপন সূত্ৰৰ পম খেদি পুলিবৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ সন্দেহজনক চাউল ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, গোলাঘাটৰ শইকীয়া মিলত চৰকাৰী সুলভ মূল্যৰ দোকানৰ চাউলসমূহ পকেজিং কৰা হয় ৷ এই অবৈধ চাউলৰ ছিণ্ডিকেট যাতে পোহৰলৈ নাহে তাৰ বাৰে চাউলৰ বেপাৰীয়ে মাফিয়াক মাহেকীয়া গুণ্ডা টেক্স দিয়ে বুলিও জানিব দিয়ে আৰক্ষীয়ে ৷

অৱশ্যে মাহেকীয়া গুণ্ডা টেক্স দিব নোৱৰাৰ কাৰণে পশ্চিম যোৰহাটৰ ঢাপকটা পে’ট্ৰল পাম্পৰ সন্মুখত গাড়ী ৰখাই ধন দাবী কৰিছিল এটা মাফিয়াৰ দলে ৷ এই ঘটনাৰ সম্ভেদ লাভ কৰি পুলিবৰ আৰক্ষীয়ে অভিযান চলাই গোলাঘাট গণক পুখুৰীৰ পৰা এখন চাউলভৰ্তি মেজিক জব্দ কৰে ৷ জব্দকৃত চাউলখিনিৰ পৰিমাণ ৮০ বেগ বুলি জানিব পৰা গৈছে (Pulibor Police found 80 bags of PDS ) ৷

উল্লেখ্য যে, এচাম দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলাই গৈছে চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায় । এনেক্ষেত্ৰত এনেদৰে চাউল সৰৱৰাহৰ এই ঘটনাৰ তদন্ত কিমান ক্ষীপ্ৰতাৰে গ্ৰহণ কৰে সংশ্লিষ্ট বিভাগে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Encounter at Kokrajhar: আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.