ETV Bharat / city

যোৰহাটত কেবৰ বিৰুদ্ধে ৰাজপথত প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰীৰ যুদ্ধ ঘোষণা

author img

By

Published : Dec 11, 2019, 12:35 PM IST

পৰীক্ষা বাতিল কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত বহিল শতাধিক ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়নি, "আমি কেব নামানো" ৷

যোৰহাটত কেবৰ বিৰুদ্ধে ৰাজপথত প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰীৰ যুদ্ধ ঘোষণা
যোৰহাটত কেবৰ বিৰুদ্ধে ৰাজপথত প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰীৰ যুদ্ধ ঘোষণা

যোৰহাট, 11 ডিচেম্বৰ: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তৃতীয় দিনাও উত্তাল হৈ আছে যোৰহাটৰ আকাশ বতাহ ৷ বুধবাৰে নেছৰ অসম বন্ধৰ দিনটোত চহৰখনৰ চাৰিওফালে কেব বিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত বুধবাৰে পুৱাৰে পৰা কেবৰ বিৰুদ্ধে পুনৰ উত্তাল হৈছে যোৰহাট ৷ যাৰ ফলত চহৰখনত এতিয়া অৰ্থহীন হৈ পৰিছে আইন-শৃংখলাজনিত পৰিস্থিতি ৷ এইবাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল উজনিৰ অগ্ৰণী উদ্যোগিক শিক্ষণ প্ৰতিষ্ঠান প্ৰিন্স অৱ ৱেল্ছৰ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ ছাত্ৰী সকলে ৰাজপথৰ পৰাই ঘোষণা কৰিলে অ-সংবিধানিক বিধেয়কখনৰ বিৰুদ্ধে যুদ্ধ ৷ প্ৰতিবাদকাৰীসকলে কেব আমি নামনো,অমিত শ্বাহ নিপাত যাওক,সৰ্বানন্দ হুচিয়াৰ শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষানুষ্ঠান প্ৰৱেশ দ্বাৰৰ সন্মুখত বহি বহু সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত গড়আলি হৈ এক বৃহৎ সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে কেব বাতিল নোহোৱা পৰ্যন্ত কোনো কাৰণতে পৰীক্ষাত নবহাৰ হুংকাৰো প্ৰদান কৰে ৷ এইমূহূৰ্তত কেবৰ বিৰুদ্ধে যোৰহাটত ছাত্ৰ সমাজৰ প্ৰতিবাদে ইতিমধ্যে ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷

পৰীক্ষা বাতিল কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত বহিল শতাধিক ছাত্ৰ-ছাত্ৰী

আৰু পঢ়ক: কেব বিৰোধী প্ৰতিবাদৰ ক'লা ধোঁৱাই ছানিছে অসম

আকাশ ছানি ধৰিছে কলা ধোৱাই।।

প্ৰতিবাদৰ ঢৌত উত্তাল যোৰহাট।

নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাজ্যখনৰ পৰিৱেশ অগ্নি গৰ্ভা কৰি তুলিলে।আইন শৃংখলা পৰিস্থিতি অৰ্থহীন এতিয়া।যোৰহাটৰ ৰাজপথত ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল।

আছে হেংদান লোৱা নাই
ললে হেংদান ৰক্ষা নাই।

তুমি যদি অসমীয়া
আমাৰ লগত যোগ দিয়া।

জাগিলে অসম
নহলে বাংলাদেশ।

ৰাজ্যৰ আকাশত কলা ধোৱা আৰু প্ৰতিবাদৰ ছলগান।

পৰীক্ষা গৃহৰ পৰা ওলাই আহি প্ৰতিবাদত পথত বহিল প্ৰিন্স অৱ ৱেল্সৰ শিক্ষাৰ্থী।।শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠান প্ৰৱেশ দ্বাৰৰ সন্মুখত গড় আলিত পৰীক্ষা বাতিল কৰি কেবৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।তৃতীয় দিনাও যোৰহাটৰ পৰিৱেশ উত্তাল হৈ পৰিছে।ছাত্ৰ সমাজৰ প্ৰতিবাদত ইতিমধ্যে ব্যাপক ৰূপ লৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.