ETV Bharat / city

যোৰহাটত প্ৰশাসনৰ নিৰ্দেশ নামানে ব্যৱসায়ীয়ে

author img

By

Published : Jun 23, 2020, 10:14 PM IST

যোৰহাট চহৰৰ পদ-পথ সমুহ পুনৰ ব্যৱসায়ীৰ কৱলত ৷ অতি শীঘ্ৰ পদ-পথত থকা ব্যৱসায় প্ৰতিষ্ঠান সমুহ উচ্ছেদ কৰি পথাচাৰীৰ বাবে পথটো সু-ব্যৱস্থা কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে একাংশ সচেতন মহলে ৷

foothpath_occupaied At Jorhat City
যোৰহাটত প্ৰশাসনৰ নিৰ্দেশ নামানে ব্যৱসায়ীয়ে !

যোৰহাট, 23 জুনঃ যোৰহাটত প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ তৎসত্ত্বেও পদপথত ৰমৰমীয়া ব্যৱসায় কৰি আহিছে একাংশ ব্যৱসায়ীয়ে ৷ ইতিমধ্যে প্ৰশাসনে পদপথত ব্যৱসায় নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও কোনো নীতি -নিৰ্দেশনাক অমান্য কৰি পুনৰ আৰম্ভ কৰিছে পদ পথত ব্যৱসায় ৷

যোৰহাট চহৰত পদপথসমুহ পুনৰ ব্যৱসায়ী সকলে চলাই আহিছে ৰমৰমীয়া ব্যৱসায় । জিলা প্ৰশাসনে পদপদৰ ব্যৱসায়ী সকলক পদপথত ব্যৱসায় নকৰিবলৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল ৷ কিন্তু প্ৰশাসনে নিৰ্দেশ জাৰি কৰা কোনো নিয়ম-নীতি অবহেলা কৰি পুনৰ পদপথ সমুহত একাংশ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ব্যৱসায় ৷ ইতিমধ্যে চহৰ খনত পথাচাৰী সকলৰ বাবে বন্ধ হৈ পৰিছে পদ-পথ সমুহ ৷

উল্লেখ্য যে, যোৰহাট চহৰখনত সময়ে সময়ে প্ৰশাসনে পদপথ সমুহত অবৈধ ভাৱে চলি থকা ব্যৱসায় সমুহ আঁতৰাই আহিছিল । ইতিমধ্যে পদপথত ব্যৱসায় নিষিদ্ধ কৰিছিল ৷ আনহাতে কৰ'ণা সংক্ৰমণ পৰা ৰক্ষা পাবলৈ প্ৰশাসনে সম্পূৰ্ণ পদ-পথত ব্যৱসায় বন্ধ কৰিছিল যদিও বৰ্তমানৰ সময়ত পুনৰ পদ-পথত সমুহ বন্ধ কৰি ব্যৱসায় আৰম্ভ কৰে । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা ভোগদৈ দলংৰ ওচৰলৈকে এতিয়া পদপথ সমূহত ব্যৱসায় পুনৰ ঠন ধৰি উঠিছে । উক্ত ঘটনাত এতিয়া উপায়ন্তৰ হৈ পৰিছে পথাচাৰী সকল ৷ অতি শীঘ্ৰে পদ-পথৰ ব্যৱসায় প্ৰতিষ্ঠান সমুহ উচ্চেদ কৰি চহৰ খনৰ পদ-পথ সমুহ ব্যৱসায়ী কবলৰ পৰা মুক্ত কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক- গুৱাহাটীৰ ১১টা ৱাৰ্ডত লক্​ ডাউন ঘোষণা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.