মৰিয়নী, 4 জুনঃ যোৰহাট জিলাৰ মৰিয়নীৰ নিউ সোণোৱাল এলেকাত 50 উৰ্ধৰ এজন অচিনাকি লোকক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ দীৰ্ঘ দিন ধৰি নাগালেণ্ডত এজন নগা লোকৰ ঘৰত কাম বন কৰি আহিছিল বুলি জানিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে, মোহন তাঁতী নামৰ লোক জন বিগত বহু বছৰ ধৰি নাগালেণ্ডত এজন নগা লোকৰ ঘৰত কাম বন কৰি আছিল। ক'ৰণাৰ সংক্ৰমণৰ সময়ত নাগালেণ্ডত থকা বহিঃৰাজ্যৰ সকলো লোককে নিজ নিজ ঘৰলৈ যাবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে । তাৰ ফলত নাগালেণ্ডৰ পৰা মোহন তাঁতী আত্মীয় বিচাৰি অসমলৈ ওভতি আহিবলৈ বাধ্য হয় ।
আনহাতে, সাংবাদিকক জনোৱা অনুসৰি মোহন তাঁতীৰ নিজ ঘৰ বুলিবলৈ একোৱেই নাই বুলি জানিবলৈ দিয়ে ৷ কিন্তু গৃহহীন মোহন তাঁতীয়ে নিজৰ আত্মীয় থকা গোলাঘাটলৈ যায় যদিও ক'ৰণা সংক্ৰমণৰ ভয়ত তেওঁক তাত ৰাখিবলৈ অমান্তি হয় স্থানীয় লোকে। তাৰ পাছতেই তেওঁ পুনৰ চিনাকি মানুহ বিচাৰি মৰিয়নী নিউ সোণোৱাল অঞ্চললৈ আহে । নিউ সোণোৱাল অঞ্চলটো কোনো চিনাকি মানুহ নেপালে লোকজনে ৷ ইতিমধ্যে অচিনাকি মানুহ জনক প্ৰত্যক্ষ কৰি সেই অঞ্চলৰ কেইজনমান সচেতন লোকে তাঁতীক মৰিয়নী আৰক্ষীক গতাই দিয়ে। মৰিয়নী আৰক্ষীয়ে মোহন তাঁতীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইন হৈ থাকিবলৈ কয় আৰক্ষীয়ে ৷ চৰকাৰী আদেশ থকা এখন পত্ৰ দি পুনৰ নিউ সোণোৱাল এলেকাত থৈ যায় লোকজনক। কিন্তু গৃহহীন তাঁতীৰ সেই অঞ্চলত কোনো পৰিয়াল নথকাত মোহন তাঁতীক কেইজনমান স্থানীয় যুৱকে পথৰ দাঁতিত থকা এটা চালিঘৰত আশ্ৰয় দি খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ে। অতি পৰিতাপৰ বিষয় যে,সমগ্ৰ বিষয়তোৰ ওপৰত মৰিয়নী আৰক্ষীয়ে গা এৰা দি চলা বুলি অভিযোগ কৰে ৰাইজে ৷ আৰক্ষীয়ে গৃহহীন মোহন তাঁতীৰ বিষয়ে সম্পূৰ্ণ অৱগত হোৱাৰ পাছতো চৰকাৰী ভাৱে কোনোধৰণৰ সা সুবিধা প্ৰদান নকৰি এনেদৰে ৰাইজৰ ওচৰত গতাই থৈ অহাটো অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে জৰুৰীকালীন সেৱাৰ দায়িত্বত থকা অঞ্চলটোৰ গাওঁবুঢ়া,পঞ্চায়ত বিষয়ববীয়া সকলে বহু পলমকৈ এই বিষয়ে অৱগত হয়। বৰ্তমান মোহন তাঁতীক এখন চালি থকা সৰু জুপুৰী এটাত কোৱাৰেন্টাইন হৈ থাকিবলৈ ব্যৱস্থা কৰি দিছে গাঁও বুঢ়াৰ লগতে স্থানীয় লোকসকলে ৷