ETV Bharat / city

মৰিয়নীত হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ বিশাল ৰেলী

author img

By

Published : Mar 24, 2021, 8:21 AM IST

মৰিয়নীত হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ বিশাল ৰেলী । মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক ঘোষৰ বিজেপিত প্ৰত্যাৱৰ্তনে বিধ্বস্ত কৰিছে কংগ্ৰেছী শিবিৰ ।

মৰিয়নীত হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ বিশাল ৰেলী
মৰিয়নীত হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ বিশাল ৰেলী

মৰিয়নী,24 মাৰ্চঃ মৰিয়নী নগৰত হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ বিশাল ৰেলী । মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক ঘোষৰ বিজেপিত প্ৰত্যাৱৰ্তনে বিধ্বস্ত কৰিছে কংগ্ৰেছী শিবিৰ । বিজেপিৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক অলক ঘোষে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই অসম জাতীয় পৰিষদৰ মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল ।

কিন্তু ঘোষৰ নথি পত্ৰৰ বিসংগতিৰ ফলত মনোনয়ন প্ৰত্যাহাৰ হোৱাত পুনৰ বিজেপিলৈ উভতি আহিল অলক ঘোষ । তাৰ পাছতেই শংকিত হৈ পৰিছে কংগ্ৰেছী শিবিৰ । মংগলবাৰে অলক ঘোষৰ নেতৃত্বত মৰিয়নী নগৰৰ মাজেৰে এক বিশাল বাইক আৰু ই-ৰিক্সাৰ ৰেলী কৰা হয় । প্ৰায় তিনি সহস্ৰাধিক লোকে নগৰৰ মাজেৰে এক ৰেলী উলিয়াই নগৰৰ ডাইমণ্ড ফিল্ডত এক নিৰ্বাচনী সভা সম্বোধন কৰে অলক ঘোষে ।

লগতে পঢ়কঃ বিজেপি নেতা জে পি নাড্ডাৰ মন্তব্যই কপাঁইছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.