ETV Bharat / city

অতি শীঘ্ৰে শংকৰদেৱৰ নামেৰে ইউনিকোডত অসমীয়া আখৰ

author img

By

Published : Oct 4, 2019, 2:18 AM IST

আমেৰিকাত কর্মৰত অসমীয়া গৱেষক বিজ্ঞানীৰ প্ৰশংসনীয় পদক্ষেপ ৷

অতি শীঘ্ৰে শংকৰদেৱৰ নামেৰে ইউনিকোডত অসমীয়া আখৰ

যোৰহাট, 3 অক্টোবৰ: শাৰদীয় দুর্গোৎসৱৰ প্ৰাক মুহূর্তত অসমবাসীৰ বাবে নতুন কৈ আহিছে এক সু-খবৰ ৷ অতি শীঘ্ৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামত ইউনিকোডত উপলব্ধ হ'ব অসমীয়া আখৰ ৷ অসমীয়া ভাষাৰ লিখাৰ প্ৰযুক্তি দ্ৰুততৰ কৰা আৰু অসমীয়া ভাষাৰ লিখনি ডিজিটেল ৰূপত উপলব্ধ কৰাৰ লক্ষ্য আগত ৰাখি এই বিষয়ে চিন্তা-চৰ্চা কৰি ইতিমধ্যে আখৰ সৃষ্টিৰ কাম আৰম্ভ কৰিছে আমেৰিকাৰ মেছাছূছেটছ ইন্সটিটিউত অৱ টেকনলজিত গৱেষক বিজ্ঞানী হিচাপে কর্মৰত অসম সন্তান ড' কিশোৰী মোহন কোঁৱৰে ৷ বৃহস্পতিবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগে আসামিছ চছাইটি ফৰ ইন্টানেচনেল কো-অপাৰেচন সহযোগত যোৰহাট প্ৰেচ ক্লাবত আয়োজন কৰা এক বক্তৃতা অনুষ্ঠানত অংশলৈ নিজ ভাষণত সাংবাদিকৰ আগত এই কথা স্পষ্ট কৰে ড' কিশোৰী মোহন কোঁৱৰে ৷

আমেৰিকাত কর্মৰত অসমীয়া গৱেষক বিজ্ঞানীৰ প্ৰশংসনীয় পদক্ষেপ

"ইউনিকড আৰু অসমীয়া ভাষাৰ ভৱিষ্যত", শীৰ্ষক বক্তৃতা প্ৰদান কৰি গৱেষক বিজ্ঞানী গৰাকীয়ে কয় যে," ইউনিকোডত অসমীয়া ভাষা অসমীয়াৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে ৷ এই বিষয়ত কৃটিম মগজুৰ সহায় লৈ লিখাৰ পদ্ধতিৰ কেনেকৈ উন্নতি সাধিব পাৰি, কেনেকৈ অসমীয়া ভাষাত সৰ্বসাধাৰণ মানুহে লিখা মেলা কৰিব পাৰে সেইয়াহে চিন্তা কৰা দৰকাৰ" ৷ ইয়াৰ উপৰিও বিজ্ঞানী গৰাকীয়ে ইউনিকোড সম্পৰ্কত চলি থকা ভ্ৰান্ত ধাৰণা আতৰ কৰি সঠিক আখৰ, শুদ্ধ যুক্তাক্ষৰ তৈয়াৰ কৰাৰ পক্ষে নিজৰ মত পোষণ কৰে ৷ আনহাতে দৃশ্য শ্ৰাব্য মাধ্যমৰে ইউনিকোডত অসমীয়া বৰ্তমানৰ অৱস্থিতি আৰু ভৱিষ্যত সম্পৰ্কে বাখ্যা আগবঢ়াই বৃক্ততাৰ শেষত আমেৰিকাস্থিত অসমীয়া বিজ্ঞানীজনে অসমীয়াই নিজৰ ব্ৰেণ্ড নিজে তৈয়াৰ কৰিব লাগিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ ইফালে অনুষ্ঠানৰ শেষত অসম বন্ধু নামৰ এটা সংগঠনৰ তৰফৰ পৰা গৱেষক বিজ্ঞানী গৰাকীক বিশেষ ভাৱে সম্বদ্ধনা জনোৱা হয় ।

বিশ্বদৰবাৰলৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত এখোজ।।শংকৰদেৱ নামেৰে ইউনিকোডত হব অসমীয়া ফন্ট।

শংকৰদেৱৰ নামেৰে ইউনিকোডত উপলব্ধ হব অসমীয়া ফন্ট।ইতিমধ্যে এই দিশত চিন্তা চৰ্চা কৰি ফন্ট সৃষ্টি প্ৰচেষ্টা আৰম্ভ হৈছে।এই দিশত প্ৰাথমিক লক্ষ্য হব লিখাৰ প্ৰযুক্তি বিদ্যা দ্ৰুততৰ কৰা আৰু অসমীয়া ভাষাৰ লিখনি ডিজিটেল ৰূপত উপলব্ধ কৰিবলৈ ৰেক্টাৰ আৰ্দশ লোৱা।আমেৰিকাৰ মেছাছূছেটছ ইন্সটিটিউত অৱ ট্ৰৈকন্লজী গৱেষক বিজ্ঞানী ড০ কিশোৰী মোহন কোৱৰে আজি যোৰহাটত এই মত ব্যক্ত কৰে।ইউনিকোড আৰু অসমীয়া ভাষাৰ ভৱিষ্যত শিৰ্ষক বিষয়ত বিশেষ ব্যক্তিতাত তেখেতে লগতে কয় যে ইউনিকোডত অসমীয়া আনে কৰিব নোৱাৰে আমি নিজে কৰিব লাগিব।এই বিষয়ত কৃটিম মগজুৰ সহায় লৈ কেনেকৈ লেখাৰ পদ্ধতি উন্নতি কৰিব পাৰি,কেনেকৈ সৰ্ব সাধাৰণ মানুহে লিখা মেলা কৰিব পাৰে সেইয়া চিন্তা কৰিব লাগিব।
ইউনিকোড সম্পৰ্কত চলি থকা ভ্ৰান্ত ধাৰণা আতৰ কৰি আগবাঢ়িব লাগিব।প্ৰথমতে ফন্টটো ভাল হব লাগিব।শুদ্ধ হব লাগিব।যুক্তাক্ষৰ যাতে ভাগি নাযায় তাৰ উপৰত লক্ষ্য ৰাখিব লাগিব।ফন্ট তৈয়াৰ কৰা জনে যুক্তাক্ষৰটো আকিব লাগিব।ইয়াৰ বাবে চিন্তা-চৰ্চা গৱেষণা বাবে কম্পিউটাৰ বিজ্ঞানী,ভাষাতত্ববীদ আৰু হস্তলিপি বিশেষজ্ঞ আদিৰ গৱেষণালদ্ধ প্ৰচেষ্টা হব লাগিব।আজি যোৰহাট প্ৰেচ ক্লাবত আয়োজন কৰা বক্তৃতিতা অনুষ্ঠানটোত কোৱৰে দৃশ্য শ্ৰাব্য মাধ্যমৰে ইউনিকোডত অসমীয়া বৰ্তমানৰ অৱস্থিতি আৰু ভৱিষ্যত সম্পৰ্কে বাখ্যা আগবঢ়াই কয় যে আমি নিজৰ ব্ৰেন্ড নিজে সৃষ্টি কৰিব লাগিব।নিজৰ ভাষা সংস্কৃতি ইউনিকোডত ৰাখিবলৈ সৰু বৰ সকলোৱে যত্ন কৰিছ অথচ অসমীয়া ভাষা বহুত পাছত।সেয়েহে সুন্দৰ আৰ্কষণীয় ফন্টৰ যোগাৰ অসমীয়া প্ৰধান লক্ষ্য হব লাগিব।অসম মহিলা বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগে আসামিছ চছাইটি ফৰ ইন্টানেচনেল কো-অপাৰেচন সহযোগত আয়োজন কৰা এই বক্তৃতা অনুষ্ঠানত অসম বন্ধু তৰফৰ পৰা গৱেষক বিজ্ঞানী গৰাকীক বিশেষ ভাৱে সম্বন্ধনা জনোৱা হয়।

ইউনিকোডত অসমীয়া ভাষাৰ সম্পৰ্কে বিশিষ্ট বিজ্ঞানী ড০কিশোৰী মোহন কোৱৰে এইদৰে কয়।
byte
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.