ETV Bharat / city

Akshaya Patra kitchen inaugurate: যোৰহাটৰ 30 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব অক্ষয় পাত্ৰৰ খাদ্য

author img

By

Published : Jul 29, 2022, 7:59 PM IST

দেশৰ ছাত্র-ছাত্ৰীয়ে যাতে ভোকাতুৰ অৱস্থাৰে শিক্ষা গ্ৰহণ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দেশত মধ্যাহ্ন ভোজন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Akshaya Patra kitchen in India) ৷ যোৰহাটত অক্ষয় পাত্ৰ ফাউণ্ডেছনৰ ৰান্ধনী ঘৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Akshaya Patra kitchen inaugurate in Jorhat)।

Akshaya Patra kitchen inaugurate
Akshaya Patra kitchen inaugurate

যোৰহাট, 29 জুলাই : যোৰহাটত অক্ষয় পাত্ৰ ফাউণ্ডেছনৰ ৰান্ধনী ঘৰ মুকলি (Akshaya Patra kitchen inaugurate in Jorhat)। 65 সংখ্যক ৰান্ধনী ঘৰ মুকলি যোৰহাটত । দেশৰ ছাত্র-ছাত্ৰীয়ে যাতে ভোকাতুৰ অৱস্থাৰে শিক্ষা গ্ৰহণ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দেশত অক্ষয় পাত্ৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Akshaya Patra kitchen in India) ৷ ৰাজ্যখনৰ গুৱাহাটীৰ পাছতে যোৰহাটৰ গড়মূৰৰ দুলিয়া পামত এই ৰান্ধনী ঘৰ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জিলাখনৰ ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰিব এই অক্ষয় পাত্ৰই (Akshaya Patra meal to children)।

যোৰহাটৰ 30 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব অক্ষয় পাত্ৰৰ খাদ্য

দেশৰ ১৮ লাখতকৈ অধিক ছাত্র-ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰদান কৰি আহিছে অক্ষয় পাত্ৰ ফাউণ্ডেছনে (Akshaya Patra foundation in India)৷ ৰাজ্যখনত ‘অক্ষয় পাত্ৰ’ৰ যোগেদি কামৰূপ গ্ৰাম্য আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰায় 43 হাজাৰ আৰু যোৰহাটত 30 হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে । যোৰহাট জিলাৰ দুটা শিক্ষা খণ্ডৰ অন্তৰ্গত 12 হাজাৰ ছাত্র-ছাত্ৰীয়ে তৎক্ষণাত পাব মধ্যাহ্ন ভোজন । ইয়াৰ পিছত মাজুলী জিলাতো অক্ষয় পাত্ৰৰ বাবে ১৪ কোটি টকা অনুদান দিব অসম চৰকাৰে ।

অক্ষয় পাত্ৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ মধ্যাহ্ন ভোজন প্ৰদান কাৰ্যসূচী, যিয়ে ভাৰতৰ 14 খন ৰাজ্য আৰু 2 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 19,039 খন বিদ্যালয়ৰ 18 লাখতকৈ অধিক শিশুক প্ৰতিটো বিদ্যালয় খোলা দিনত স্বাস্থ্যকৰ খাদ্য পৰিবেশন কৰে ।

2003 চনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ বিদ্যালয় স্বাস্থ্য আৰু শিক্ষা বিভাগে এই পদক্ষেপলৈ সমৰ্থন আগবঢ়োৱাৰ সময়লৈকে ইতিমধ্যে অক্ষয় পাত্ৰই 23 হাজাৰ শিশুৰ কাষ চাপিছিল (Akshaya Patra kitchen in India)। ভাৰত চৰকাৰ, বিভিন্ন ৰাজ্য চৰকাৰ আৰু উদাৰ সমৰ্থকৰ সৈতে সফল অংশীদাৰিত্বৰ ফলস্বৰূপে আজি অক্ষয় পাত্ৰৰ 14 খন ৰাজ্য আৰু 2 খন কেন্দ্ৰীয় শাসিত অঞ্চলত 62 টা পাকঘৰ আছে ।

আনহাতে, বৰ্তমান থকা ৰাজ্য চৰকাৰৰ অন্তৰ্গত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে চাকৰি যাব বুলি ভয় কৰাৰ প্ৰয়োজনা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে (Mid day meal scheme in Assam)৷ ৰাজ্য চৰকাৰে অক্ষয় পাত্ৰৰ সহযোগত আৰু 9 টা ৰান্ধনী ঘৰ তৈয়াৰ কৰিব । স্ত্ৰী শিক্ষা প্ৰদান কৰা বিদ্যালয় বিশেষকৈ অকল নাৰী বাবে শিক্ষা দিয়া অনুষ্ঠানৰ বাহিৰে ৰাজ্যখনৰ সকলো বিদ্যালয়ত ছাত্ৰৰ লগত ছাত্ৰীয়েও শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Pension Sewa Kendra in Guwahati : ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.