ETV Bharat / city

প্ৰতিৱেশী হিন্দুৰ বাবে নামঘৰ সাজি দিয়া মুছলমান দম্পতী....

author img

By

Published : Sep 9, 2020, 8:56 PM IST

যিটো সময়ত সাম্প্ৰদায়িকতাৰ নামত দেশত ব্যাপক হিংসা পৰিলক্ষিত হৈছে তেনে সময়তে এইখন অসমতে সাম্প্ৰদায়িকতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মুছলমান দম্পতীয়ে ৷ হিন্দু লোকৰ বাবে নামঘৰ সাজি মিলনৰ অসাধাৰণ নিৰ্দশন তুলি ধৰিছে দুয়ো ৷

প্ৰতিৱেশী হিন্দুৰ বাবে নামঘৰ সাজি দিয়া মুছলমান দম্পতী....
প্ৰতিৱেশী হিন্দুৰ বাবে নামঘৰ সাজি দিয়া মুছলমান দম্পতী....

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰ : সাম্প্ৰদায়িক সংহতিৰ এক অনন্য নিদৰ্শন তুলি ধৰিছে এইখন অসমৰে মুছলমান দম্পতীয়ে ৷ যোৰহাট জিলাৰ বাসিন্দা হেমিদুৰ ৰহমান আৰু তেওঁৰ পত্নী পাৰ্ছিয়া ছুলতান ৰহমানে তেওঁলোকৰ প্ৰতিৱেশী হিন্দু আত্মীয়ৰ বাবে এটা নামঘৰ সাজি সমাজত এক নজিৰবিহীন ঐক্যৰ পৰিচয় তুলি ধৰিছে ৷

যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ অন্তৰ্গত সন্দিকৈ গাঁৱৰ বাসিন্দা হেমিদুৰ ৰহমানে তেওঁৰ প্ৰতিৱেশী হিন্দু লোকসকলৰ বাবে সম্পূৰ্ণ নিজা খৰচত এটা নামঘৰ সাজি দিয়ে ৷ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ৰহমানে কয় যে, "ধৰ্ম বেলেগ হ'লেও ধৰ্মীয় স্থানৰ মহত্ব সকলো ধৰ্মৰ বাবে সমান ৷" ৰহমানৰ পত্নী পাৰ্ছিয়া ছুলতানে কয় যে, "আমি অসমত একতাৰে বাস কৰি অসমীয়া হিচাপে থাকিব লাগে আৰু আমি ইজনে সিজনৰ নিজৰ সাধ্য অনুসৰি সহায় কৰিব লাগে ৷"

বিগত 2 ছেপ্তেম্বৰতে উক্ত নামঘৰটো কোভিড-19ৰ সকলো নীতি নিয়ম পালন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ৰহমান দম্পতীক নামঘৰটোৰ মুকলি অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ লগতে তেওঁলোকক প্ৰথম সেৱা আগবঢ়াবলৈ দিয়া হয় ৷ সন্দিকৈ গাঁৱৰ ৰাইজে ৰহমান দম্পতীৰ এই মহান কাৰ্যৰ শলাগ লয় ৷ অৰুণজয় শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে কয় যে, "আমি এই কাৰ্যৰ দ্বাৰা বাৰুকৈয়ে অনুপ্ৰাণিত হৈছো আৰু হেমিদুৰৰ এই কাৰ্যৰ বাবে নথৈ শলাগিছো ৷"

লগতে পঢ়ক : 17 শতিকাত বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা বজালীৰ কালী মন্দিৰটো....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.