গুৱাহাটী, ৭ অক্টোবৰ: প্ৰেমত পৰি প্ৰেমক জীয়াই ৰাখিবলৈ যিকোনো পৰ্যায়লৈ যোৱা মানুহো হয়তো আপুনি দেখিছে ৷ প্ৰেমৰ বাবেই একোটা প্ৰেমিক যুগলে ঘৰ-পৰিয়াল, ধন-সম্পত্তি ত্যাগ কৰি কন্টকময় পথ আকোঁৱালি লোৱাও দেখিছে আপুনি ৷ এনে প্ৰেমৰ বাবেই কোনে কি কৰা দেখা নাই আপুনি ? কিন্তু এই প্ৰেমই কেতিয়াবা মূহুৰ্ততে সকলো শেষ কৰি দিবও পাৰে ৷
হয়, এই একেই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নাৰেংগীত ৷ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই আজি চিকিৎসালয়ৰ বিচনাত চটফটাই থাকিবলগীয়া হৈছে এগৰাকী যুৱতী (Tragic incident in Guwahati) ৷ ঘটনা অনুসৰি, সাতগাঁৱৰ ৰফিক আলী (২৩) নামৰ এজন উদণ্ড যুৱকে এগৰাকী যুৱতীক আগচি ধৰি শৰীৰত ছুৰীৰে উপৰ্যুপৰি আঘাত হানি হত্যাৰ চেষ্টা চলায় (Youth stabbed to a girl) ৷
যুৱতীগৰাকীয়ে সম্প্ৰতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICU ত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে ।
ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰাৰ সময়তে সাতগাঁও সেনা বাহিনীয়ে ধৃত ৰফিক আলীক কৰায়ত্ত কৰি সাতগাঁও থানাত গতাই দিয়ে ৷ আৰক্ষীৰ সূত্ৰই জানোৱা মতে, যুৱতীগৰাকী পিতৃয়ে নাৰেংগী সেনা ছাউনীত অস্থায়ী কৰ্মচাৰী হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আছিল । দুয়োটা পৰিয়ালৰ ঘৰ ওচৰা-ওচৰি হোৱা বাবে এক ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছিল ৰফিক আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ মাজত ।
তাৰ মাজতে ৰফিক আৰু অঞ্জলিৰ মাজত এক বন্ধুত্ব পূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল ৷ লাহে লাহে ৰফিক যুৱতীগৰাকীৰ প্ৰেমত পৰিছিল ৷ ৰফিকে যুৱতীগৰাকীক প্ৰেম নিবেদন কৰিছিল যদিও বাৰে বাৰে প্ৰত্যাখান কৰি আহিছিল যুৱতীগৰাকীয়ে (Rejecting romantic advances) । ইয়াকে লৈ প্ৰেমিক ৰফিক যুৱতীগৰাকীৰ ওপৰত ক্ষুণ্ণ হৈ আছিল ।
ঘটনাৰ দিনাখন যুৱতীগৰাকীয়ে ঘৰৰ পৰা প্ৰায় ৬.৩০ বজাত ওলাই আহি কামলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা গধূৰ বস্তুৰে মূৰত আঘাত হানি মাটিত বগৰাই দিয়ে ৰফিকে ৷
তাৰ পিছত ৰফিকে এখন ছুৰী উলিয়াই মুখ মণ্ডল, পিঠি, বুকু আৰু পেটত উপৰ্যুপৰি আঘাত কৰে । সেই সময়ত কৰ্তব্যৰত সেনা জোৱানে এই দৃশ্য দেখা পাই ৰফিক আলীক কৰায়ত্ত কৰাৰ লগতে আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি জি এম চি এইছত ভৰ্তি কৰোৱা হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে সাতগাঁও থানাত (Satgaon Police Station) এখন এজাহাৰ দাখিল কৰিছে ৷
লগতে পঢ়ক: পঞ্চম আৰু অষ্টম শ্ৰেণীত হ’ব বছেৰেকীয়া পৰীক্ষা : অনুত্তীৰ্ণই পঢ়িব লাগিব আগৰ শ্ৰেণীতে