ETV Bharat / city

অৰুণোদয় আঁচনিৰ সলনি পৃথক আঁচনিৰ দাবী সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ

"অবিবাহিতা বুলিলে সমাজৰ বহুতে অলপ বেলেগ ভাৱে ধৰি লয়..." দেওবাৰে গুৱাহাটী প্ৰেছক্লাৱত সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতি (Assam Unmarried Women Development Committee) ৰ এখন সংবাদমেলত সভানেত্ৰী ৰীতা হাজৰিকাই এই কথা সদৰি কৰে ৷

addressing-a-press-conference-of-the-assam-unmarried-women-development-committee
অৰুণোদয় আঁচনিৰ সলনি পৃথক আঁচনিৰ দাবী সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ
author img

By

Published : Jan 30, 2022, 6:36 PM IST

গুৱাহাটী, 30 জানুৱাৰী : দেওবাৰে গুৱাহাটী প্ৰেছক্লাৱত সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতি (Assam Unmarried Women Development Committee) ৰ এখন সংবাদমেল অনুষ্ঠিত হয় ৷ এই সংবাদমেলৰ জৰিয়তে সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিয়ে অবিবাহিত মহিলাৰ বাবে চৰকাৰক পৃথক আঁচনি লবলৈ দাবী জনায় ৷

অৰুণোদয় আঁচনিৰ সলনি পৃথক আঁচনিৰ দাবী সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ

দেওবাৰে গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত হোৱা এই সংবাদমেলত সমিতিৰ সভানেত্ৰী ৰীতা হাজৰিকাই উপস্থিত থাকি কয় যে, অবিবাহিতা বুলিলে সমাজৰ বহুতে অলপ বেলেগ ভাৱে ধৰি লয় । ইয়াৰ মাজতেই পৰনিৰ্ভৰশীল হোৱা প্ৰায় সকল বাই- ভনীৰ স্বাভাৱিক জীৱন সুখ শান্তি তথা সুৰক্ষিত নহয় । তাৰে আকৌ একাংশ নিজৰ আত্মীয় স্বজনৰ ওচৰতে লাঞ্চিত-বঞ্চিত, শোষণ-দমন, অৱহেলিত আৰু নিৰ্যাতিত হৈ আছে ।

চৰকাৰে অৰুণোদয় আঁচনিৰ(Assam Orunodoi Scheme) দ্বাৰা এই অবিবাহিতসকলক সামৰি লৈছে যদিও অৰুণোদয় আঁচনিৰ সলনি এক পৃথক আঁচনিৰ দাবী কৰে সভানেত্ৰীগৰাকীয়ে (Unmarried Women organization asking replacement of Orunodoi scheme) ৷

লগতে চৰকাৰে যি ধৰণে সমাজৰ বিশেষ ভাবে পিছ পৰি থকা শ্ৰেণী সমূহৰ উন্নতিৰ আৰু বিকাশৰ বাবে বিভিন্ন আচনি গ্ৰহণ কৰিছে সেইদৰে অবিবাহিতা সকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিব লাগে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে সভানেত্ৰীগৰাকীয়ে ৷

তদুপৰি, প্ৰতিখন জিলাত প্ৰায় 20-30 বিঘা মাটি চৰকাৰে আৱন্টন দি তাত অবিবাহিত মহিলাৰ বাবে স্বনিৰ্ভৰশীল প্ৰকল্পৰ লগতে 60 উৰ্ধৰ অবিবাহিত মহিলা সকলৰ বাবে প্ৰতি মাহে কমেও 10 হাজাৰ টকাকৈ পেঞ্চনৰ ব্যৱস্থা কৰা, পৃথক ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ এটাকৈ আৱাস গৃহ প্ৰদান কৰিবলৈ চৰকাৰক সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিয়ে দাবী জনায় ।

লগতে পঢ়ক : Encounter in Biswanath : বিশ্বনাথত আৰক্ষীত গুলিত আহত চোৰাং চিকাৰী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.