ETV Bharat / city

Demand for proper NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ

author img

By

Published : Aug 3, 2022, 9:04 PM IST

পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে উত্থাপিত ব্যপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগৰ চিবিআই তদন্ত দাবী কৰিছে ইউনাইটেড ট্ৰাষ্ট অৱ অসমে (Demand of CBI inquiry against Prateek Hajela) ৷ ১২ ঘন্টীয়া প্রতীকী অনশন কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে এন আৰ চিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ এক উচিত তদন্তৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে (Scam in NRC)।

Demand  for proper NRC
Demand for proper NRC

গুৱাহাটী, ৩ আগষ্ট : ১৯৫১ চনক ভিত্তি বর্ষ হিচাবে লৈ এজনো অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱাকৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ পোষকতা ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ (Demand for proper NRC)৷ লগতে পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে উত্থাপিত ব্যপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগৰ চিবিআই তদন্ত দাবী কৰিছে সংগঠনটোৱে (Demand of CBI inquiry against Prateek Hajela)।

প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ

বুধবাৰে মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া প্রতীকী অনশন কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে এন আৰ চিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ এক উচিত তদন্তৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে (Allegation of corruption in NRC)। এই প্ৰতিবাদস্থলীত অংশ গ্ৰহণ কৰে সংগঠনটোৰ উপদেষ্টা শিৱ প্ৰসাদ শৰ্মা আৰু অধ্যক্ষ দ্বিজেন বৰঠাকুৰে ৷

তেওঁলোকে কয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ চাৰি বছৰজোৰা ব্যস্ততা আৰু কোটি কোটি ৰাজহুৱা ধন ব্যয়ৰ মূৰত এখন খচৰা প্ৰস্তুত কৰি প্ৰতীক হাজেলা বাহিনীয়ে সর্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৷ কিন্তু সেইখন শুদ্ধ আৰু নিৰ্ভেজাল আৰু বিদেশীৰ নাম মুক্ত দলিল হৈছে বুলি মানি ল’বলৈ অসমৰ সংখ্যাগৰিষ্ঠ জনতা আস্বস্ত হ’ব পৰা নাই ।

ইয়াৰ বিপৰীতে সদ্য অৱসৰপ্ৰাপ্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাই প্রতীক হাজেলাৰ বিৰুদ্ধে বিত্তীয় খেলিমেলি আৰু নাগৰিক পঞ্জী উন্নয়নত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি অসম চৰকাৰৰ চি আই ডি বিভাগত তৰা গোচৰত তদন্তৰ অনুমোদন দিয়াত বিলম্ব কৰিছে অসম চৰকাৰে (Allegation against Prateek Hajela) ৷ ইয়াক অসমৰ সচেতন বৌদ্ধিক মহলে সহজভাৱে লোৱা নাই ।

অসম পাব্লিক বর্কচৰ অধ্যক্ষ আভিজিৎ শৰ্মাই প্রতীক হাজেলাৰ দুৰ্নীতি সম্পৰ্কে নিজাববীয়াকৈ তৰা গোচৰৰ তদন্ত নোহোৱাকৈ আজিও পেলাই থৈছে চৰকাৰে । ইতিপূৰ্বে ৰাষ্ট্ৰীয় সংবাদ পত্র ইণ্ডিয়া টুডেৰ এটা বাতৰিত পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ চৰকাৰী ধন ৰাশিৰ 155 কোটিৰ হিচাব নিমিলা অংক বুলি বাতৰিত প্ৰকাশ কৰিছে । এই বিত্তীয় খেলিমেলি অসম চৰকাৰৰ একাউণ্ট আৰু অডিট বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

ইয়াৰ পিছতো চৰকাৰে এই বিষয়টোক লৈ কোনো ধৰণৰ তৎপৰতা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে । সেয়ে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰা,
অসমত ১৯৫১ চন ভিত্তি বৰ্ষ হিচাপে লৈ অবৈধ অনুপ্ৰবেশকাৰীৰ নাম কৰ্তন কৰাৰ বাবে United Trust of Assam এ দাবী জনায় ।

আনহাতে NRC ৰ পূৰ্বৰ সমন্বয় প্ৰতীক হাজেলাৰ বিৰুদ্ধে উঠা দুৰ্নীতি আৰু বিত্তীয় খেলিমেলিৰ তদন্তৰ দায়িত্ব চৰকাৰে CBIক প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে সংগঠনটোৱে ।
চৰকাৰে দাবী মানি নল’লে সন্থাই আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে সন্থাৰ নেতৃবৃন্দই ।

লগতে পঢ়ক : Drugs Trafficking : তিনিচুকীয়া আৰক্ষীৰ পৃষ্ঠপোষকতাত জিলাখনত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা : বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.