গুৱাহাটী,4 ছেপ্তেম্বৰঃ শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাথো এটা মাহ থকাৰ প্ৰাকমুহুৰ্তত সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)য়ে এটা বিজ্ঞপ্তিৰে অসম বাসীলৈ জনাইছে এক আহ্বান ৷ য'ত উল্লেখ আছে আগন্তুক দুৰ্গা পূজা উদযাপন নকৰিবৰ বাবে আহ্বান ৷
সমগ্ৰ বিশ্বব্যাপী হৈ থকা মহামাৰী কৰ'ণাৰ ভয়াৱহতাই সকলোকে কৰি ৰাখিছে সন্ত্ৰাসিত ৷ মহামাৰী কৰ'ণাৰ ভাইৰাছৰ আক্ৰমণত ইতিমধ্যে অন্যান্য প্ৰান্তৰ লগতে অসমতো আক্ৰান্ত হৈছে লক্ষাধিক লোক ৷ ইতিমধ্যে এই ভাইৰাছৰ আক্ৰমণৰ বলি হৈ প্ৰাণ বিসৰ্জন দিছে বহুজনে ৷ এনে সময়ত বিজেপি শাসিত চৰকাৰ খনে পূজা উদযাপনৰ বাবে আঁচনি গ্ৰহণ কৰাৰ অভিযোগ তুলি গেৰুৱা দলটোক সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)য়ে দিছে গৰিহণা ৷
লগতে চৰকাৰ খনে কেৱল নৰেন্দ্ৰ মোদীক সন্তুষ্ট কৰাৰ স্বাৰ্থতে এনে এক দুৰ্যোগময় পৰিস্থিতিৰ মাজতে পূজা আয়োজনৰ আঁচনি গ্ৰহণ কৰা বুলি কৈ জনসাধাৰণক এনে জনস্বাৰ্থ বিৰোধী পদক্ষেপ মানি নলবৰ বাবে জনাইছে আহ্বান ৷ বিজ্ঞপ্তিটোৰ জড়িয়তে পূজা উদযাপনৰ ফলত কৰণাৰ সামাজিক সংক্ৰমণ অধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে আলফাই ৷
লগতে পঢ়ক- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ তিনিটা নতুন সংযোজন