ETV Bharat / city

বাংলাদেশত আধা জীৱন পাৰ কৰা জীতেন দত্তক সকীয়নি গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Jun 7, 2020, 4:35 PM IST

হাজোত খিলঞ্জীয়া গৰিয়া লোকে বসবাস কৰে বুলি উল্লেখ কৰি এয়া কেৱল ৰাজনৈতিক মুনাফাৰ আশাত সমাজত এক বিদ্বেষ ভাৱ জগোৱাৰ বাবে আলফা নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়োৱা বুলি অভিযোগ কৰে সংগঠনটোৱে ।

ULFA Leader Jiten Dutta's Comment on Sanatan deka murder case
সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ

গুৱাহাটী, 7 জুন : সম্প্ৰীতিৰ মিলনভূমি হাজোত পূৱ-পাকিস্তানী লোকে বেদখল কৰা বুলি আলফা নেতা জীতেন দত্তই কৰা মন্তব্যক গৰিহণা দিয়ে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । হাজোত খিলঞ্জীয়া গৰিয়া লোকে বসবাস কৰে বুলি উল্লেখ কৰি এয়া কেৱল ৰাজনৈতিক মুনাফাৰ আশাত সমাজত এক বিদ্বেষ ভাৱ জগোৱাৰ বাবে আলফা নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়োৱা বুলি অভিযোগ কৰে সংগঠনটোৱে ।

সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ

যদিহে হাজো অবৈধ নাগৰিকে দখল কৰিছে তেন্তে আইনগত ব্যৱস্থা ল'বলৈ আহ্বান সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনৰ । এই সন্দৰ্ভত আলফা নেতাগৰাকীৰ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সহযোগিতা কৰিব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে । কিন্তু তাৰ পৰিৱৰ্তে কেৱল টিভিৰ সন্মুখত এনেবোৰ মন্তব্যৰে সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনালে ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনে ।

লগতে পঢ়কঃ কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ অনুদান ওৰাঙৰ চাৰি ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.