ETV Bharat / city

Transport Enforcement Dept Drive against Vehicle : আইন উলংঘাকাৰী বাহনৰ বিৰুদ্ধে ১১২ টা গোচৰ ৰুজু

author img

By

Published : Nov 26, 2021, 10:50 PM IST

গুৱাহাটী মহানগৰীত মটৰ পৰিবহণ আইন ভংগ কৰা যান বাহন, চিটি বাছ, মেজিকত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে অব্যাহত ৰাখিছে অভিযান(Transport Enforcement Dept Drive against Vehicle) ৷ শুকুৰবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগে(Kamrup Metro District Transport Department) আইন উলংঘাকাৰী বাহনৰ বিৰুদ্ধে ১১২ টা গোচৰ ৰুজু কৰে ৷

Transport Enforcement Dept Drive against Vehicle
কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ অভিযান

গুৱাহাটী, ২৬ নৱেম্বৰ : কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে আইন উলংঘনকাৰী বাহনৰ বিৰুদ্ধে অভিযান(Transport Enforcement Dept Drive against Vehicle) অব্যাহত ৰাখিছে ৷ পৰিবহণ বিভাগে শুক্ৰবাৰেও আইন উলংঘনকাৰী দুচকীয়া-চাৰিচকীয়া বাহন, বৰ্ধিত ভাড়া আদায় কৰা চিটিবাছ-মেজিকৰ বিৰুদ্ধে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলি আৰু মিৰ্জাত চলায় অভিযান । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস(District Transport Officer Enforcement Himanshu Kumar Das)ৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকসকলে ধাৰাপুৰ চাৰিআলি আৰু দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত চলায় এই আকস্মিক অভিযান ।

কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বা বৰ্ধিত ভাড়া আদায় লোৱা যাত্ৰীবাহী বাহনৰ লগতে হেলমেট পৰিধান নকৰা দুচকীয়া আৰু ছিটবেল্ট ব্যৱহাৰ নকৰা চাৰিচকীয়া বাহন চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়া(প্ৰৱৰ্তক)ক নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশৰ পাছতেই জিলা পৰিবহণ বিভাগে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে ৷

অভিযান কালত পৰিবহণ বিভাগৰ দলটোৱে যাত্ৰীৰ পৰা বৰ্ধিত ভাড়া আদায় লোৱা কেইবাখনো চিটিবাছ আৰু মেজিক ধৰা পেলায় । তেনেদৰে দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰা আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা বহুকেইটা ঘটনা ধৰা পৰে । জিলা পৰিবহণ বিভাগে আনকি এই সন্দৰ্ভত ১১২ টা গোচৰো ৰুজু কৰে । পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে মটৰ পৰিবহণ আইন ভংগ কৰি যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক বা বৰ্ধিত ভাড়া আদায় কৰা যাত্ৰীবাহী বাহন, দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে এই অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Transport Enforcement Dept Drive against Vehicle : গুৱাহাটীত জব্দ ২৪ খন বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.