ETV Bharat / city

জ্যোতি চিত্ৰবনত 'লংকাকাণ্ড'ৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Jul 10, 2022, 8:32 AM IST

Updated : Jul 10, 2022, 9:57 AM IST

গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত নতুন অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ ট্ৰেইলাৰ মুকলি(Trailer of Lankakand release at Jyoti Chitrabon) । অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ পটভূমিত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্মিত ছবিখনত ভৱিষ্যতৰ ভয়াৱহতাৰ ইংগিত দিয়াৰ প্ৰয়াস কৰা হৈছে । ২৮ অক্টোবৰত মুক্তি লাভ কৰিব ছবিখনে ৷

trailer-of-new-assamese-movie-lankakand-release-at-jyoti-chitrabon-in-guwahati
জ্যোতি চিত্ৰবনত 'লংকাকাণ্ড'ৰ ট্ৰেইলাৰ মুকলি

গুৱাহাটী, 10 জুলাই: গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত আৰ বি প্ৰডাকচনৰ বেনাৰত ৰজনী বৰ্মন (ৰাজ)ৰ পৰিচালনাত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ শনিবাৰে ট্ৰেইলাৰ মুকলি কৰা হয় (Trailer of Lankakand release at Jyoti Chitrabon) । আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা, নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি । অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ পটভূমিত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্মাণ কৰা ছবিখনত ভৱিষ্যতৰ ভয়াৱহতাৰ ইংগিত দিয়াৰ প্ৰয়াস কৰা হৈছে ।

ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেত‍া মৃদুল ভূঞা আৰু চম্পক শৰ্মাই ছবিখনৰ (New Assamese movie Lankakand) দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেতা যতীন বৰাই ছবিখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ ছবিখনৰ প্ৰচাৰত বিশেষ গুৰুত্ব দিয়াৰ বাবে পৰিচালক আৰু প্ৰয়োজকৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত পৰিচালক ৰজনী বৰ্মন আৰু অভিনেতা মৃদুল ভূঞাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

চলচ্চিত্ৰখনৰ কাহিনী-চিত্ৰনাট্য ৰজনী বৰ্মন(ৰাজ)ৰ আৰু প্ৰযোজনা কৰিছে মনিষ আগৰৱালাই । সহযোগী প্ৰযোজক গণেশ প্ৰসাদ, টুনটুন শইকীয়া বৰ্মন আৰু গোবিন চন্দ্ৰ বড়ো । ছবিখনত অভিনয় কৰিছে নিপন গোস্বামী, মৃদুল ভূঞা, চম্পক শৰ্মা, ৰীণা বৰা, অতুল পাচনী, ভ্ৰান্তি মেধি, বিবেক বৰা, মুনমী ফুকন, পল ফুকন, ড৹ আলখ্য বৰুৱা, জুনজুন বৰা ৷ ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে চিৰঞ্জীত বৰা, দোলা পাল, অমূল্য কুমাৰ, ৰমেন তামুলী, বাব্লী বৰা, যতীন খনিকৰ, জয়ন্ত দাস, কবিতা চুতিয়া, লিকুমা শৰ্মা, টুনটুন শইকীয়া বৰ্মন, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, তপন শইকীয়া, প্ৰকাশ মেধি, তৰুণ বৰাকে ধৰি বহু ন-পুৰণি শিল্পীৰ লগতে শিশু শিল্পী শ্ৰেয়া, অদিতি নন্দিনী আৰু নিশানে ।

চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে চনু ডেকা আৰু ধৰ্ম থাপা । সংগীত পৰিচালনা অজয় ফুকন, গৌতম শৰ্মা, মৃণাল বৈষ্ণৱৰ । সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামী আৰু সুদৰ্শন বৰকটকীৰ । ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশ, দীপলিনা ডেকা আৰু ৰিটিশাই । ২৮ অক্টোবৰত ছবিখনি চিত্ৰগৃহলৈ আহিব বুলি প্ৰযোজকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: প্ৰিয়ংকা আলিয়াৰ পিছত এইবাৰ হলীউডলৈ বুলি ওলাল জেকলিন

Last Updated : Jul 10, 2022, 9:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.