ETV Bharat / city

1 বজাৰ শীৰ্ষ 10 টা বাতৰি... - top ten news at 1 pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি...

top-ten-news-at-1-pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 12, 2021, 1:03 PM IST

গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...

অলিম্পিকত পদক লাভেৰে অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰা লাভলীনাক আদৰণি মুখ্যমন্ত্ৰীৰ ৷ বিয়লি ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিব লাভলীনাই ৷

এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে HSLC পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ

মৰিয়নীৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়(Nakachari Sr Secondary School)ত উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ নামভৰ্তিক লৈ হাহাকাৰ ৷ এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হোৱাৰ বাবে নামভৰ্তিৰ আসনৰ অভাৱ হৈছে ৷ যাৰ ফলস্বৰূপে নামভৰ্তি নকৰাকৈ ঘৰলৈ উভতিবলগা হৈছে বহু শিক্ষাৰ্থী ৷

যোৰহাটত লাইনচ্যুত মালবাহী ৰে’ল

এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ ফলত বন্ধ হৈ পৰিছে তিতাবৰ-মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ ৷ লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হৈছে ৰিকভাৰী বাহন ৷

বজাৰত ওলাইছে QR code যুক্ত ৰাখী

বজাৰত উপলব্ধ হৈছে QR code সম্মিলিত ৰাখী ৷ আগন্তুক ৰাখী পূৰ্ণিমা উপলক্ষে প্ৰস্তুত কৰি তোলা হৈছে ভাতৃ-ভগ্নীৰ মিলনৰ প্ৰতীক এই ৰাখী ৷

আজি বিশ্ব হস্তী দিৱস

2017 চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল । সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ 30 হাজাৰ হাতী আছিল ৷

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত গোলাঘাটৰ মাজমজিয়াতে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

টুইটাৰে লক কৰিলে ৰাহুল গান্ধীৰ একাউণ্ট

টুইটাৰ ইণ্ডিয়া(Twitter India)ই আঁতৰালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ(Congress leader Rahul Gandhi) টুইট ৷ গান্ধীৰ বিৰুদ্ধে এগৰাকী ধৰ্ষণ পীড়িতৰ পিতৃ-মাতৃৰ ফটো প্ৰকাশ কৰাৰ লগতে সংবেদনশীল তথ্য প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে টুইটাৰ ইণ্ডিয়াই লৈছে এই পদক্ষেপ ৷ গান্ধীৰ টুইট আঁতৰোৱাৰ লগতে একাউণ্টো লক কৰিছে টুইটাৰ ইণ্ডিয়াই ৷

বিলাসীপাৰাত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও আন্দোলন

বিলাসীপাৰাত ‘ভাৰত বচাও’ আন্দোলনৰ দিনটোতে সাব্যস্ত প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বিলাসীপাৰা জিলা CITU ৰ সমিতিৰ লগতে পাঁচটাকৈ বাওঁপন্থী সংগঠনে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

গহপুৰত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

সোমবাৰে গহপুৰত মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ গহপুৰ মহকুমা ছাত্ৰ সন্থা (AASU)ৰ ৷ প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ।

লখিমপুৰত মটক যুৱ ছাত্র সন্মিলনীৰ প্ৰতিবাদ

মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মটক যুৱ ছাত্র সন্মিলনীয়ে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনায় আহিছে ৷ সংগঠনটোৱে এই দাবীত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন সময়ত এই বিষয়ত জনগোষ্ঠীটোক জনজাতিকৰণৰ আশ্বাস দি আহিছে যদিও বৰ্তমানলৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে সংগঠনটোৰ নেতৃত্বই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.