ETV Bharat / city

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 7, 2022, 9:08 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব লগীয়া হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইটত পুৱা ১০ বজাৰ পৰা উপলব্ধ হ'ব(HSLC Exam Results 2022) । হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,৩১,১৩২ গৰাকী ।

পি এম কিষাণ সন্মান নিধি আঁচনিত নামভৰ্তি খৰতকীয়া কৰাৰ নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ

যোৰহাটত পি এম কিষাণ সন্মান নিধি আঁচনি সন্দৰ্ভত বৈঠক কৃষিমন্ত্ৰী অতুল বৰাৰ (Agriculture Minister Atul Bora at Jorhat)৷ উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে এতিয়ালৈ এই আঁচনিত নামভৰ্তি হ'বলৈ বাকী থকা কৃষকসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সংশ্লিষ্ট বিষয়াক আহ্বান জনায় ৷

কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

"প্ৰবীণ বড়োৰ পদত্যাগৰ কথা মই শুনা নাই । কোন প্ৰবীণ বড়ো মই চিনিয়েই নাপায় ।" স্বভাৱজাত ৰসিকতাৰে এই মন্তব্য বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ৷

Waliullah sentenced to death: সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় গাজিয়াবাদ আদালতৰ

সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় । বাৰাণসীত সংঘটিত বিস্ফোৰণৰ গোচৰৰ ৰায় হিচাবে গাজিয়াবাদ আদালতে ঘোষণা কৰিছে এই মৃত্যদণ্ড ৷

আশ্ৰয় দিয়া প্ৰতিবেশীৰ হাততে প্ৰাণ গ’ল চাহ মজদুৰ নেতা ৰাজু গোৱালাৰ

বিহালীৰ ৰঙাগড়ত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Murder case at Behali) ৷ অত্যাধিক মদ্যপান কৰি এহাল দম্পতীয়ে হত্যা কৰিলে ৰঙাগড়স্থিত অসম চাহ মজদুৰ সংঘৰ চমুকৈ SCMS ৰ শাখা সম্পাদক ৰাজু গোৱালাক (SCMS leader murdered at Bihali) । আৰক্ষীয়ে জনোৱা অনুসৰি, ৰঙাগড় অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰাজু গোৱালাক তেওঁৰ ঘৰৰ কাষতেই আশ্ৰয় দিয়া বাবুল টংলা আৰু সুনীতা বৰাইক নামৰ স্বামী-স্ত্ৰীয়ে মিলি কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা কৰে ।

তেজপুৰত আৰক্ষীৰ জালত ভুৱা আৰক্ষী

তেজপুৰ, গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড় আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, কলকাতা, চেন্নাই আদি বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ বাবে ত্ৰাস আৰু আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এটা প্ৰৱঞ্চক অৱশেষত পৰিল তেজপুৰ আৰক্ষীৰ জালত । তেজপুৰ গোটলুঙত ধৰা পৰিছে নিজকে আৰক্ষী বুলি পৰিচয় দিয়া আন এটা প্ৰৱঞ্চককো গ্ৰেপ্তাৰ ৷

Anti Drugs Mission in Nagaon: পুৰণিগুদাম আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

পুৰণিগুদামৰ বিষয়াচুকত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী (Drugs peddler arrested at Puranigudam)। সৰবৰাহকাৰী কেইটাৰ পৰা ১৫ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২.২ গ্ৰাম(Drugs seized at Puranigudam) । ধৃত সৰবৰাহকাৰীকেইটা পুৰণিগুদাম ন-আলিমূৰৰ মুজাকিৰ হুছেইন আৰু আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ: ঘটনাৰ আঁৰত KLO !

কোকৰাঝাৰৰ এগৰাকী মডেল সহ ছজনক গ্ৰেপ্তাৰ (Six persons arrested accused of Kokrajhar firing incident)৷ কেএলঅ’ৰে সঘনে যোগাযোগ ৰক্ষা কৰাৰ তথ্য লাভৰ পিছতে আটক কৰা হৈছিল এগৰাকী মডেলসহ তেওঁৰ স্বামীক (Model accused of Kokrajhar firing)৷ পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু অপশাসনে সমগ্ৰ অঞ্চলটোক ঘোৰ অন্ধকাৰলৈ ঠেলি দিছিল । কংগ্ৰেছৰ দিনতে কাৰ্বি আংলঙত হত্যা-হিংসা আৰু উগ্ৰপন্থাই গা কৰি উঠিছিল । বিজেপি চৰকাৰৰ দিনতে কাৰ্বি আংলঙত যাতায়াত, যোগাযোগ ব্যৱস্থা, পর্যটন, চিকিৎসা সেৱা, শিক্ষা আদি সকলো দিশতে আমূল পৰিৱৰ্তনৰ সূচনা হৈছে । কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য ৷

"প্ৰবীণ বড়োৰ পদত্যাগৰ কথা মই শুনা নাই । কোন প্ৰবীণ বড়ো মই চিনিয়েই নাপায় ।" স্বভাৱজাত ৰসিকতাৰে এই মন্তব্য বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.