গুৱাহাটী ,18 মেঃ গুৱাহাটীৰ বৰবাৰীৰ বৰটিলাত কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰাকলৈ ৰাইজৰ মাজত হাহাকাৰ । উত্তেজিত ৰাইজে কোৱাৰেন্টাইন শিবিৰতো উঠাই নিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ বৰটিলাৰ বাসিন্দা বংকিম দাসে তেওঁৰ ঘৰটোত কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰি বহিঃ ৰাজ্যৰ পৰা অহা ১৫ জন লোকক আশ্ৰয় দিয়ে । উক্ত কোৱাৰেন্টাইন শিবিৰটোৰ ৰান্ধনীজনে বজাৰ সমাৰ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন দোকানলৈ যায় । এই বিষয়ে জানিব পাৰি স্থানীয় ৰাইজ আতংকিত হৈ পৰে ।
ঘৰটোত চাৰিওফালে কোনো কোৱাৰেন্টাইন শিবিৰৰ ফলক নোহোৱাৰ লগতে চাৰিসীমাও নাই উক্ত শিবিৰটোত ৷ গতিকে শিবিৰটোত থকা লোকৰ পৰা ক'ৰণা ভাইৰাছ বিয়পিব পাৰে বুলি স্থানীয় ৰাইজ শংকিত হৈ পৰে । উক্ত ঘটনাৰ পিছতে স্থানীয় ৰাইজ ওলাই আহি কোৱাৰেন্টাইন শিবিৰতো স্থানান্তৰ কৰিবলৈ প্ৰশাসনে দাবী জনায় । আনহাতে, আৰক্ষীৰ লোক ঘটনাস্থলীত উপষ্টিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে শিবিৰত থকা লোকসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পিছতে স্বত্বাধিকাৰীজনে আশ্ৰয় দিয়া লোকসকলক স্থানান্তৰ কৰা হয় । উল্লেখ্য যে, মহামাৰী আতংকই বিৰাজ কৰাৰ সময়তেই জনবসতি অঞ্চলত মুকলিকৈ কোৱাৰেন্টাইন শিবিৰ স্থাপনৰ অনুমতি কিদৰে পালে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।
লগতে পঢ়ক- চিৰাঙৰ আই নদীপৰীয়া ৰাইজৰ দুৰ্দশা