তেজপুৰ,১০ ডিচেম্বৰ: বন্ধৰ সময়ছোৱাত ঢেকিয়াজুলিত অঘটন ৷ মঙলবাৰে প্ৰতিবাদৰ মাজতে আছুৰ ঢেকিয়াজুলি আঞ্চলিকৰ উপদেষ্টা দিপক তালুকদাৰ সহ কেইবাজনো প্ৰতিবাদকাৰীক আক্ৰমণ কৰে কেব সমৰ্থনকাৰীয়ে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে আক্ৰমণকাৰীক প্ৰত্যুত্তৰ দিবলৈ আছু আৰু বিভিন্ন জাতীয় দল সংগঠনৰ যুৱক আহি ভীৰ কৰে ঢেকিয়াজুলি নগৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইতিমধ্যে আছুৰ এজাহাৰৰ ভিত্তিত অতুল মজুমদাৰ আৰু সুভ বিশ্বাস নামৰ অভিযুক্তদ্বয়ক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ৷
আনহাতে ১৪৪ ধাৰাকো নেউচি কেবৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাইজ তথা দল-সংগঠনে । মহানগৰীৰ মালিগাঁও উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়তো মঙলবাৰে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। ৰে'লৱে কাৰ্যালয় খোলা থকাৰ বাবে আছুৱে কৰ্মচাৰীসকলক কাৰ্যালয় বন্ধ কৰিবলৈ বাধ্য কৰাই । ফলত কাৰ্যালয়ৰ চৌহদত পৰিস্থিত উত্তপ্ত হৈ পৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷
জালুকবাৰী কাটিয়া দলঙত ৰাইজ ওলাই আহি ঘাইপথ অৱৰোধ কৰে । কেব নালাগে-নামানো, চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । গাড়ী-মটৰ চলোৱাত বাধা আৰোপ কৰে প্ৰতিবাদকাৰী সকলে । উপায়হীন হৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। তাৰোপৰি গোটানগৰটো বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।