ETV Bharat / city

গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান - গুৱাহাটী পৌৰ নিগম

সোমবাৰে উত্তৰ পূৰ্বৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ শুভ উদ্বোধন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । বাণীকান্ত কাকতি নামেৰে মহানগৰীৰ উলুবাৰীত শুভাৰম্ভ কৰা হয় প্ৰথমখন বৈদ্যুতিক শ্মশানৰ ।

The first electric crematorium in the northeast of Guwahati

author img

By

Published : Jul 13, 2020, 5:40 PM IST

গুৱাহাটী, 13 জুলাই: গুৱাহাটীত উদ্বোধন কৰা হ’ল উত্তৰ পূৰ্বৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ ৷ বাণীকান্ত কাকতি নামেৰে মহানগৰীৰ উলুবাৰীত শুভাৰম্ভ কৰা হয় বৈদ্যুতিক শ্মশানখন ৷ সম্প্ৰতি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সৎকাৰৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱাৰ মাজতে মহানগৰীৰ এখন শ্মশানে এই সমস্যা কিছু হলেও সমাধান কৰিবলৈ সক্ষম হ'ব বুলি অনুমান কৰা হৈছে ।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান

সোমবাৰৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হয় বৈদ্যুতিক প্ৰক্ৰিয়াৰে মৃতদেহ দাহ কৰাৰ ব্যৱস্থাৰ । জিএমডিএৰ উদ্যোগত যোৱা 4 টা বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি থকা হৈছিল এই বৈদ্যুতিক শ্মশানখনৰ ৷ 2017 চনৰ 30 ডিচেম্বৰত আধাৰশীলা স্থাপন কৰা হৈছিল শ্মশানখনৰ ।

উল্লেখ্য যে,আধাঘন্টাৰ ভিতৰতেই এজন ব্যক্তিক দাহ কাৰ্য সম্পন্ন হৈ উঠিব এই বৈদ্যুতিক শ্মশানখনত । 5 কোটি 9 লাখ টকা ব্যয়েৰে নিমাৰ্ণ কৰা হৈছে এই অত্যাধুনিক বৈদ্যুতিক শ্মশানখন ।

সোমবাৰে মুকলি অনুষ্ঠানত জিএমডিএ আৰু গুৱাহাটী পৌৰ নিগমৰ মাজত শ্মশানখনক লৈ এখন চুক্তি স্বাক্ষৰো কৰা হয় । চুক্তি অনুসৰি সোমবাৰৰ পৰা শ্মশানখনৰ চোৱা চিতাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে গুৱাহাটী পৌৰ নিগমে। উদ্বোধনী অনুষ্ঠানত শ্মশানখনৰ পৰিৱেশ ধুনীয়া কৰি ৰখাৰ বাবে গছপুলি ৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ৷

শ্মশানখনত কোভিড ৰোগী দাহৰ ক্ষেএতো যথেষ্ট সুবিধা হোৱাৰ লগতে বৈদ্যুতিক প্ৰক্ৰিয়াৰে মৃতদেহ দাহ কৰা ফলত প্ৰদূষণ নিয়ন্ত্ৰণতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই শ্মশানখনে । প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সকলো নীতি-নিৰ্দেশনা অনুসৰি বৈদ্যুতিক শ্মশানখন নিৰ্মাণ কৰি তোলা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.