ETV Bharat / city

টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি 60 বছৰলৈ ম্যাদ থাকিবঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 7, 2020, 9:11 PM IST

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণাক ইতিমধ্যে আদৰণি জনাইছে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজে । এক সংবাদ মেল সম্বোধন কৰি টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণ কৰাৰ লগতে 60 বছৰলৈ চাকৰি ম্যাদ থাকিব বুলি মন্ত্ৰী জনে ঘোষণা কৰাৰ পিছৰে পৰা উৎফুল্লিত হৈ পৰে টেট শিক্ষক সকল ৷

Tet Teacher Union Reaction About Himanta Biswa Sarma At Guwahati
টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি 60 বছৰলৈ ম্যাদ থাকিবঃ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 7জুনঃ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ দেওবাৰে মন্ত্ৰী জনে এখন সংবাদ মেল সম্বোধন কৰি টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে 60 বছৰলৈ ম্যাদ থাকিব বুলি ঘোষণা কৰিছিল ৷

দেওবাৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি সাংবাদিকৰ আগত টেট শিক্ষক সকলক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ৷ তেঁও কয় যে, সৰ্বশিক্ষাৰ অধীনত অসমৰ বিভিন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি ম্যাদ ৬০ বছৰ বয়সলৈ ম্যাদ থাকিব ৷ নিয়মীয়া শিক্ষকৰ দৰে দৰে গ্ৰেড পে ,ছুটী,বেংকৰ লোন আদিৰ সকলো সুবিধা পাব বুলি ঘোষণা কৰে ৷ মন্ত্ৰীজনৰ আনুষ্ঠানিক ঘোষণাক ইতিমধ্যে আদৰণি জনাইছে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজে । সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সম্পাদক মিৰাজুল ৰচিডে জনাই যে, বিগত বছৰসমূহত টেট্ শিক্ষক সকলে অতি কষ্টৰে শিক্ষকতা কৰাৰ পাছতো চাকৰিৰ অনিশ্চয়তাৰ আছিল। উপায়হীন হৈ আন্দোলনৰ পথ ল'ব লগীয়া হৈছিল শিক্ষক সকলে। কিন্তু দেওবাৰে শিক্ষক সকলৰ এই আন্দোলনক সম্পূৰ্ণৰূপে গুৰত্ব দি তথা নিৰ্বাচনী ইস্তাহাৰৰ কথা উল্লেখ কৰি যি সুবিধা দিয়াৰ কথা জনালে সেয়া সচাঁকৈয়ে আদৰণীয়। আৰু শিক্ষক সকলৰ যিবোৰ অসুবিধা আছে নিশ্চয় আগন্তুক দিনত আলোচনাৰ মাজেৰে সমাধান কৰিব পৰা যাব বুলি উল্লেখ কৰে । শিক্ষক সমাজে বিগত সময়বোৰত সকলো সংকটৰ মাজতো যে, একতাৰ মাজেৰে নিজৰ প্ৰাপ্যৰ বাবে দিয়া সহাৰিৰ বাবে সকলো শিক্ষককে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক- শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.