গুৱাহাটী, 7 জুন: কাণেৰে নুশুনিলেও সকলোবোৰ বুজে হেমলিন আৰু পৰিমাই ৷ মুখেৰে প্ৰকাশ কৰিব নোৱাৰিলেও হেমলিন আৰু পৰিমাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC exam 2022 result) সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোকে বুজাই দিলে সকলোবোৰ নাথাকিলেও সিহঁত সম্পূৰ্ণ ৷
হয়, মহানগৰীৰ নাৰেংগীৰ বীৰকুছিস্থিত সৰস্বতী বাগধ্বনি নামৰ বিদ্যালয়খনৰ ছাত্ৰী হেমলিন মহন্তই আৰু পৰিমা ৰাভাই এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হয় (Passed the HSLC exam with distinction) ।
উত্তৰ-পূৱৰ একমাত্ৰ বধিৰ বিদ্যালয় সৰস্বতী বাগধ্বনিৰ ছাত্ৰী হেমলিন মহন্তই ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱাৰ লগতে আনগৰাকী ছাত্ৰী পৰিমা ৰাভাই ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় । হেমলিন মহন্তই ইংৰাজীত 91, অসমীয়াত 92, গণিতত 82, সমাজ বিজ্ঞানত 80, সাধাৰণ বিজ্ঞানত 71, ফাইন আৰ্টছৰ 96 নম্বৰৰে সৰ্বমুঠ ৫১২ নম্বৰ লাভ কৰে ।
আনহাতে পৰিমা ৰাভাই ইংৰাজীত 84, অসমীয়াত 89, গণিতত 77, সমাজ বিজ্ঞানত 80, সাধাৰণ বিজ্ঞানত 67, ফাইন আৰ্টচতত 91 নম্বৰ সহ সৰ্বমুঠ ৪৮৮ নম্বৰ লাভ কৰে ।
উল্লেখ্য যে, বধিৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান সন্মতভাৱে পাঠদান আগবঢ়াই আহিছে সৰস্বতী বাগধ্বনি নামৰ বিদ্যালয়খনে । সম্প্ৰতি বিদ্যালয়খনত 43 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে । 2006 বৰ্ষৰ পৰাই বিদ্যালয় 100 শতাংশ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা লাভ কৰিছে ।
লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা