ETV Bharat / city

অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ - পশ্চিমবংগ আৰক্ষী

এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে বুধবাৰে অসমলৈ আহিছিল তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী (Abhishek Banarjee in Assam)। তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ (Allegation of misbehave against West Bangal Police) ৷ অভিষেক বেনাৰ্জীৰ মতে, সৰু কথা ইচ্যু কৰা হৈছে ৷

Allegation of misbehave against West Bangal Police)
অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ
author img

By

Published : May 11, 2022, 5:42 PM IST

গুৱাহাটী, ১১ মে’: গুৱাহাটীত পশ্চিমবংগ আৰক্ষীৰ দাদাগিৰিৰ অভিযোগ । তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে একাংশ সাংবাদিকে (Assam journalists against West Bangal Police)। এইকথাত ক্ষুব্ধ হৈ তৃণমূল কংগ্ৰেছৰ সভা বয়কট অসম সাংবাদিক সকলে । বাতৰি সংগ্ৰহৰ বাবে যোৱা কেইবাগৰাকীও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে পশ্চিমবংগ আৰক্ষীৰ বিৰুদ্ধে ।

উল্লেখ্য যে, এদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে বুধবাৰে অসমলৈ আহিছিল তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী (Abhishek Banarjee visits Assam)। দিনৰ 1 বজাৰ পৰা মহানগৰীৰ আই টি এ মাছখোৱাত অনুষ্ঠিত হৈছিল তৃণমূল কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচী (TMC joining program in Assam) । এই অনুষ্ঠানলৈ যোৱা ৰাজ্যৰ একাংশ সাংবাদিকক অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

সাংবাদিক সকলে অভিযোগ কৰা অনুসৰি, বিমান বন্দৰ আৰু মাছখোৱা আই টি এত হেঁচা-ঠেলাৰ মাজতে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে অসমৰ একাংশ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে ৷

অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ইফালে, সাংবাদিকসকলক হতাহতি কৰি পশ্চিমবংগ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক গৰিহণা আৰু নিন্দা জনাইছে গুৱাহাটী প্ৰেছ ক্লাৱে । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ৰক্ষাকাৰী সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰা বিষয়টো গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী বুলি উল্লেখ কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে ।

গুৱাহাটী প্ৰেছ ক্লাৱে এই ঘটনাক গৰিহণা দিয়াৰ লগতে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাংবাদিকসকলক কৰা দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা খুজিবলৈ বাধ্য কৰায় । লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ ওপৰতো গুৰুত্ব দিবলৈ দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱে ।

আনহাতে, এই ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে, সাধাৰণ ঘটনা এটাক ডাঙৰ ইচ্যু কৰি তোলা হৈছে ৷ এই ঘটনাৰ বাবে অৱশ্য়ে ক্ষমা বিচাৰে বেনাৰ্জীয়ে ৷ তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰায়ো ঘটনা সন্দৰ্ভত ক্ষমা বিচৰা বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ওকালতি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল ভুৱা উকিল পদুম কৰ্মকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.