ETV Bharat / city

সখী এক্সপ্ৰেছৰ অধীনত ৬,৬৭০ খন স্কুটাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 21, 2022, 9:57 PM IST

পৰিয়াল পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত সৰু পৰিয়ালৰ সুবিধা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সখীসকলক আহ্বান জনায় । ডাঙৰ কিন্তু দাৰিদ্ৰতাৰে জুৰুলা পৰিয়ালতকৈ এটা সৰু কিন্তু সুখী পৰিয়ালক সদায় অগ্ৰাধিকাৰ দিয়া উচিত (Assam State Rural Livelihood Mission)। আত্মসহায়ক গোটসমূহে নিজকে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন গোটলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত ।

Assam CM distribution of 6670 numbers of two wheelers
সখী এক্সপ্ৰেছৰ অধীনত সামূহিক কৰ্মীসকলৰ মাজত ৬৬৭০ খন স্কুটাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২১ আগষ্ট : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত ‘‘সখী এক্সপ্ৰেছ’’ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কর্মীসকলৰ মাজত দেওবাৰে আনুষ্ঠানিকভাৱে ৬,৬৭০ খন স্কুটাৰ বিতৰণ কৰা হয় (Assam CM distribution of 6670 numbers of two wheelers) । এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM inaugurated the distribution ceremony of scooters) ৷

জীৱিকা সখী এক্সপ্ৰেছ আঁচনি

২০২০-২১ বিত্তীয় বৰ্ষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আঁচনিৰ ‘‘জীৱিকা সখী এক্সপ্ৰেছ’’ আঁচনিৰ (Assam State Rural Livelihood Mission) অধীনত বিতৰণ কৰা স্কুটাৰৰ সংখ্যা ৪,২৩৮ খনকে ধৰি দেওবাৰে বিতৰণ কৰা স্কুটাৰ সমূহৰ সৰ্বমুঠ সংখ্যা ১০,৯০৮ খনলৈ বৃদ্ধি হয় ।

আত্মসহায়ক গোটসমূহৰ সংগঠন আৰু সদস্যসকলক সংগঠিত কৰাৰ দিশত সামূহিক কর্মী হিচাপে সেৱা আগবঢ়োৱা এই ‘‘সখী এক্সপ্ৰেছ’’ৰ হিতাধিকাৰীসকলৰ মাজত আছে ‘‘কৃষি সখী’’, ‘‘বীমা সখী’’, ‘‘পশু সখী’’, ‘‘জীৱিকা সখী’’ আদি (Scooters distributed among community cadres)।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিসকল সখীয়ে স্কুটাৰ লাভ কৰিলে তেওঁলোকৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকে আত্মসহায়ক গোটসমূহক অর্থনৈতিক দিশত আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত উদগণি যোগাব লাগিব ।

স্কুটাৰ বিতৰণ কাৰ্যসূচী

মহিলাৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটৰ সদস্যসকলে তেওঁলোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰি জনমুৰি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমক শীৰ্ষ ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ দিশত এক বৃহৎ উত্থান হ’ব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । সকলো পৰিসৰৰ বাণিজ্যিক উদ্যোগত ঋণ যোগান ধৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ আত্মসহায়ক গোটসমূহক বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ কিস্তি সময়মতে পৰিশোধ কৰাৰ বাবে প্ৰশংসা কৰে ।

লগতে পঢ়ক : অসম মেঘালয়ৰ সীমা বিবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূল হোৱাৰ দিশে

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অগ্ৰাধিকাৰ খণ্ডত ঋণসমূহ সময়মতে পৰিশোধ নকৰিলে আত্মসহায়ক গোটসমূহে ইয়াৰ সম্প্ৰসাৰিত কাৰ্যসূচীত ঋণ প্ৰাপ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । গাখীৰ, কণী, খোৱা তেল, শস্য জাতীয় সামগ্ৰী আদিৰ বাবে অসমে অন্যান্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া বিষয়টোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান আত্মসহায়ক গোটসমূহে যি প্ৰক্ৰিয়াৰে নিজস্ব কার্যকলাপ চলাই আহিছে সেই দিশত অধিক উৎপাদনমুখী হোৱাৰ বাবে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন গোটলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত। ৷

৬৬৭০ খন স্কুটাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বাহিৰত আৰু বিদেশত বিক্ৰীৰ বাবে ই-কমার্চ চাইটত পঞ্জীয়ন হোৱা ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে একবিংশ শতিকাত প্ৰযুক্তিগত উন্নতিয়ে আগবঢ়োৱা বিশাল বজাৰৰ বিষয়ে আত্মসহায়ক গোটৰ সদস্যসকলক সজাগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত আছুৰ সঁজাতী দল

অনুষ্ঠানত পৰিয়াল-পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত সৰু পৰিয়ালৰ সুবিধা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সখীসকলক আহ্বান জনায় । তেওঁ লগতে কয় যে, ডাঙৰ কিন্তু দাৰিদ্ৰতাৰে জুৰুলা পৰিয়ালতকৈ এটা সৰু কিন্তু সুখী পৰিয়ালক সদায় অগ্ৰাধিকাৰ দিয়া উচিত ।

চৰকাৰে প্ৰদান কৰা বিভিন্ন সুবিধা যেনে ‘অৰুণোদয়’ আদিৰ বাবে চলি থকা আধাৰ সংযোগ প্ৰক্ৰিয়াত চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সখীসকলক আহ্বান জনায় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিভিন্ন আঁচনিসমূহক সামগ্ৰিকভাৱে দি অহা নিৰ্দেশনাৰ বাবে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক প্ৰশংসা কৰে ।

কুটীৰ উদ্যোগৰ জৰিয়তে বছৰি ৩৫ লাখ বাৰ্ষিক লেনদেন কৰা লখিমপুৰ জিলাৰ এগৰাকী মহিলা উদ্যোগীৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সখীসকলক স্কুটীসমূহৰ যথোচিত ব্যৱহাৰ কৰি গ্ৰাম্য অৰ্থনীতিত বিকাশৰ বাবে মহিলাৰ অংশগ্ৰহণৰ বাবে আহ্বান জনায় ।

অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কৃষ্ণা বৰুৱাৰ উপৰি গুৱাহাটীৰ সমীপৱৰ্তী জিলাসমূহৰ সখীসকল উপস্থিত আছিল ।

লগতে পঢ়ক : এইবাৰ গুৱাহাটীত পানী যোগান ধৰাৰ অদ্ভূত পৰিকল্পনা GMC ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.