ETV Bharat / city

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি অসমলৈ অনা হ’ব ছাৰ্জীল ইমামক

author img

By

Published : Feb 20, 2020, 8:41 AM IST

অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি মন্তব্য কৰা গোচৰত আজি গুৱাহাটীলৈ অনা হ’ব ছাৰ্জীল ইমামক ৷ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত JNU প্ৰাক্তন ছাত্ৰগৰাকী ৷

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি অসমলৈ অনা হ’ব ছাৰ্জীল ইমামক
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি অসমলৈ অনা হ’ব ছাৰ্জীল ইমামক

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰীঃ আজি গুৱাহাটীতলৈ অনা হ’ব JNUৰ প্ৰাক্তন ছাত্ৰ ছাৰ্জীল ইমামক । অসমৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়োৱাৰ গোচৰতেই গুৱাহাটীলৈ অনা হ’ব প্ৰাক্তন ছাত্ৰগৰাকীক ৷ জানিব পৰা মতে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব ছাৰ্জীল ইমামক । ইতিমধ্যে ছাৰ্জীল ইমামক অসমলৈ আনিবৰ বাবে কিছুদিন পূৰ্বৰ পৰাই দিল্লীত বাহৰ পাতি আছিল অসম আৰক্ষীৰ এটা দলে ৷ তিহাৰ কাৰাগাৰ আৰু দিল্লীৰ স্থানীয় আদালতৰ কাম সম্পূৰ্ণ হোৱাৰ পাচতেই ছাৰ্জীলক অসমলৈ অনা হ’ব বুলি জানিবলৈ দিছিল অসম আৰক্ষী আয়ুক্তই মুন্না প্ৰসাদ গুপ্তাই ৷

অসমত অপৰাধ অনুসন্ধান শাখাইয়ো জেৰা চলাব অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি মন্তব্য কৰা ছাৰ্জীল ইমামক ৷ এই মন্তব্য কৰাৰ বাবেই 25 জানুৱাৰীত দিল্লী আৰক্ষীয়ে আইপিচি ৰ ধাৰা 124 (ৰাষ্ট্ৰদ্ৰোহ) আৰু 153 A (ধৰ্ম, জাতি জন্ম স্থান, ভাষা, জাতি অথবা ধৰ্মক লৈ আঘাত কৰা )ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ উক্ত গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাৰ্জীল ইমামক ৷ অসমতো তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ বহু কেইটা গোচৰ ৰুজু কৰা হৈছিল ৷ যাৰ পৰিপেক্ষিততেই অসমলৈ অনা হ’ব ইমামক ৷

উল্লেখ্য যে, CAAৰ বিৰোধিতাৰে আলিগড় জামিয়া-মিলিয়া বিশ্ববিদ্যালয়ত বিতৰ্কিত মন্তব্য কৰি চৰকাৰ তথা ৰাইজৰ ৰোষত পৰিছিল ছাত্ৰ নেতাগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.