ETV Bharat / city

চিকিৎসকক আক্ৰমণক লৈ ৰঙিয়াত চিকিৎসকৰ প্ৰতিবাদ

author img

By

Published : Jun 2, 2021, 9:13 PM IST

চিকিৎসকক মাৰপিট কৰাৰ প্ৰতিবাদত ৰঙিয়াৰ চিকিৎসকসকলৰ প্ৰতিবাদ ৷ চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে হোজাইৰ ঘটনাৰ লগত জড়িত দোষীক কঠোৰতম শাস্তি প্ৰদানৰো দাবী ৷

rangia model hospital doctor protest on doctor attact
চিকিৎসকক আক্ৰমণক লৈ ৰঙিয়াত চিকিৎসকৰ প্ৰতিবাদ

ৰঙিয়া, 2 জুন : ৰাজ্য কঁপাই যোৱা হোজাই জিলাৰ লংকাৰ ফুলতলি হাস্পতালত এগৰাকী কৰ্তব্যৰত চিকিৎসকক মাৰপিট কৰাৰ প্ৰতিবাদত ৰঙিয়াৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ডাঃ সেউজ সেনাপতি নামৰ চিকিৎসক গৰাকী একাংশ উন্মত্ত লোকৰ জীঘাংসাৰ বলি হোৱা উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰঙিয়া মডেল হাস্পতালৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলে ।

বুধবাৰে দিনৰ ভাগত চিকিৎসালয় খনৰ বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে মডেল হাস্পতালৰ চিকিৎসকসকলে ৷ হাস্পতালৰ তত্বাৱধায়ক ডাঃ নৱনীতা বৰাৰ নেতৃত্বত সমূহ স্বাস্থ্যসেৱা কৰ্মী সমবেত হৈ ক’লা বেজ পৰিধানেৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, চিকিৎসকক আক্ৰমণৰ লগত জড়িত 24 গৰাকীকৈ ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৷ প্ৰতিবাদ কালত চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে হোজাইৰ ঘটনাৰ সৈতে জড়িত দোষীক কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনায় প্ৰতিবাদকাৰী চিকিৎসকসকলে ।

লগতে পঢ়ক : দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.