ETV Bharat / city

ৰঙিয়া জংচনত যাত্ৰীৰ মূৰ ফালিলে আৰক্ষীৰ জোৱানে - ক’ভিড পৰীক্ষা

ৰঙিয়াৰ জংচনত যাত্ৰীৰ প্ৰতিবাদৰ বাবে আৰক্ষী জোৱানৰ লাঠিচালনা ৷ কৰ্তব্যৰত আৰক্ষীৰ লাঠিচালনাত আহত কেইবাজনো যাত্ৰী ৷ আহত এজন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

ৰঙিয়া জংচনত যাত্ৰীৰ মূৰ ফালিলে আৰক্ষীৰ জোৱানে

author img

By

Published : May 15, 2021, 9:19 PM IST

ৰঙিয়া , 15 মে' : ৰঙিয়া জংচনত ৰেলযাত্ৰীক কৰ্তব্যৰত আৰক্ষীৰ এজন জোৱানে প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। এজন আৰক্ষীৰ জোৱানৰ লাঠি চালনাত এজন যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয় ৷ জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত বাংগালুৰু, দিল্লী, কলকাতা আদি বহিঃৰাজ্যৰ পৰা অহা চাৰিখন যাত্ৰীবাহী ৰেল ৰঙিয়া জংচনত উপস্থিত হয় ।

ৰঙিয়া জংচনত যাত্ৰীৰ মূৰ ফালিলে আৰক্ষীৰ জোৱানে

ৰেলকেইখনৰ পৰা অধিক যাত্ৰী নমাৰ ফলত হঠাৎ জংচনটোত ভীৰৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, বৰ্তমান ক’ভিড প্ৰট'কল অনুসৰি বহিঃৰাজ্যৰ পৰা অহা প্ৰত্যেক গৰাকী যাত্ৰীয়ে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে । কিন্তু ষ্টেচন চৌহদত থকা ক’ভিড পৰীক্ষা কেন্দ্ৰটোত অতি লেহেম গতিত ক’ভিড পৰীক্ষা হৈ থকাৰ ফলত ৰেলযাত্ৰী সকল অতিষ্ঠ হৈ পৰে । এই লৈ প্ৰতিবাদ কৰাত কৰ্তব্যৰত চতুৰ্থ এপিবিএনৰ কৰ্তব্যৰত এজন উদণ্ড জোৱানে প্ৰতিবাদী যাত্ৰীৰ ওপৰত জধে-মধে লাঠিচালনা কৰে । যাৰ ফলত কেইবাগৰাকীও যাত্ৰী আহত হয় ।

আনকি এজন যাত্ৰী মূৰত আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হয় । সৰু অজুহাততে যাত্ৰীক এনেদৰে কৰ্তব্যৰত উদণ্ড জোৱানজনে লাঠিৰে কোবাই আহত কৰা ঘটনাক লৈ এতিয়া ৰঙিয়া জংচনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : জীউৰ” চিকিৎসাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ চৰাইদেউৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.