ETV Bharat / city

বিশিষ্ট লেখিকা ড৹ অনিমা গুহৰ দেহাৱসান

author img

By

Published : Jul 29, 2021, 8:03 PM IST

গুৱাহাটীৰ উলুবাৰীস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰিলে বিশিষ্ট সাহিত্যিক তথা সমাজ কৰ্মী অনিমা গুহে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ ৷ সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ অনিমা গুহ একাধাৰে এগৰাকী সমাজকৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ আছিল ৷

prominent-writer-dr-anima-guha-passes-away-at-the-age-of-90
বিশিষ্ট লেখিকা ড৹ অনিমা গুহৰ দেহাৱসান

গুৱাহাটী,29 জুলাই: বিশিষ্ট লেখিকা ড৹ অনিমা গুহ আৰু নাই ৷ শাৰীৰিক অসুস্থতাত ভূগি থকা বিশিষ্ট সাহিত্যিকগৰাকীয়ে বৃহস্পতিবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৷ গুৱাহাটীৰ উলুবাৰীস্থিত বাসভৱনত মৃত্যু হয় বিশিষ্ট সাহিত্যিকগৰাকীৰ ৷ প্ৰখ্যাত অৰ্থনীতিবিদ তথা সাহিত্যিক প্ৰয়াত অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ ৷ সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷ অনিমা গুহ একেধাৰে এগৰাকী সমাজকৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ আছিল ৷ 1932 চনৰ 26 মাৰ্চত ধুবুৰী জিলাৰ সদৰ ধুবুৰীত অনিমা গুহৰ জন্ম হৈছিল ৷

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংসদলৈ চাইকেলেৰে আহিল ৰিপুণ বৰা

অনিমা গুহৰ দেউতাক আছিল গিৰীন্দ্ৰ মোহন দাস আৰু মাতৃ নীহাৰিকা দাস ৷ দেউতাক বিজনী ৰাজ এষ্টেটৰ খুঁটাঘাট পৰগণাৰ পৰিচালক আছিল ৷ তেওঁ কটন কলেজৰ পৰা বি এ পাছ কৰিছিল আৰু স্ত্ৰী শিক্ষাৰ উদ্যোক্তা আছিল ৷ গিৰীন্দ্ৰ মোহন দাসৰ উদ্যোগতে 1938 চনত কোকৰাঝাৰত পোনপ্ৰথম ছোৱালী এল পি স্কুল স্থাপিত হয় ৷

অনিমা গুহৰ ককাক গৌৰমোহনে কলিকতাৰ পৰা এফ এ পাছ কৰি আহি মেচপাৰা এষ্টেটৰ দেৱান নিযুক্তি পাইছিল ৷ মাকো সেইসময়ৰ এগৰাকী শিক্ষিত আৰু প্ৰগতিশীল মহিলা আছিল । এক সংস্কৃতিৱান পৰিয়ালত জন্ম গ্ৰহণ কৰা অনিমা গুহই জন্মসূত্ৰে লাভ কৰিছিল বলিষ্ঠ সত্বা ৷ যিটো পৰৱৰ্তী সময়ত তেওঁৰ সৃষ্টি আৰু কৰ্মত প্ৰতিফলিত হৈছিল ৷

লগতে পঢ়কঃ মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

দেউতাকৰ উদ্যোগত স্থাপিত কোকৰাঝাৰ এল পি স্কুলতে অনিমা গুহৰ শৈক্ষিক জীৱন আৰম্ভ হৈছিল ৷ গৃহ শিক্ষক আছিল কোকৰাঝাৰ বয়জ হাইস্কুলৰ শিক্ষক দীননাথ দাস ৷ তেখেতে ঘৰতে মানচিত্ৰ (map) অঁকাৰ পৰা গণিতলৈকে সকলোখিনি পঢ়াইছিল । দেউতাকে গীতাৰ শ্লোকবোৰ ঘৰতে মুখস্থ কৰাইছিল আৰু অৰ্থ ভাঙি দিছিল ।

মাক আৰু মোমায়েকে শিকাইছিল ৰবীন্দ্ৰ সংগীত । শৈশৱতে আৱাহন, বাঁহীৰ লগতে দেউতাকে ঘৰত ৰখা বঙালী আনন্দ বাজাৰ পত্ৰিকা, যুগান্তৰ ছোৱালী, ইংৰাজী হিন্দুস্তান ষ্টেণ্ডাৰ্ড আদি পঢ়াৰ অভ্যাস হৈছিল অনিমা গুহৰ । দেউতাকৰ ইচ্ছা আছিল ধুবুৰী ছোৱালী হাইস্কুলৰ হোষ্টেলত ৰাখি পঢ়াই-শুনাই ছোৱালীক শান্তি-নিকেতনলৈ পঠিয়াব ৷ সেইসময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ জীৱিত আছিল ৷

কিন্তু পিতৃৰ ভবা মতে নহ'ল ৷ অনিমা গুহই 1947 চনত যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰপৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে ৷ 1949 চনত তেওঁ কটন কলেজৰ পৰা প্ৰথম বিভাগত আই এছ চি আৰু 1952 চনত উদ্ভিদ বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে ৷ 1960 চনত প্ৰখ্যাত বুৰঞ্জীবিদ ড৹ অমলেন্দু গুহৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অনিমা গুহ ৷

বিয়াৰ পাছত 1962 চনত দিল্লী বিশ্ববিদ্যালয়ৰপৰা তেওঁ নৃতত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু 1974 চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা বংশগতি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷ অনিমা গুহে তেওঁৰ কৰ্ম-জীৱন আৰম্ভ কৰিছিল শিক্ষকতাৰে ৷ 1952 চনৰপৰা 1960 চনলৈ তেওঁ অভয়াপুৰী বালিকা হাইস্কুল আৰু ধুবুৰী বালিকা হাইস্কুলত শিক্ষকতা কৰিছিল ৷ অসমত নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল ৷

লগতে পঢ়কঃ ক’ভিড কেয়াৰ কেন্দ্ৰ নে গৰু গোহালি !

2002 চনৰ 13 জুলাইত গুৱাহাটীৰ নেটৱৰ্ক ট্ৰেভেলছৰ আস্থানত এটি শিশুৰ লগত হোৱা অতি জঘন্য কাণ্ডৰ প্ৰতিবাদত গুৱাহাটীত অৰ্ধশতাধিক নাৰী আৰু সামাজিক-সাংস্কৃতিক সংগঠন লগ-লাগি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ নামৰ এটি অৰাজনৈতিক অনুষ্ঠানৰ জন্ম হৈছিল ৷ অনিমা গুহ এই মঞ্চৰ সভাপতি আছিল ৷ তেওঁৰ কাৰ্যকালত সংঘৰ কাম-কাজ যথেষ্ট চৰ্চালৈ আহিছিল ৷ অনিমা গুহে নাৰীৰ অধিকাৰৰ হকে সদায় মাত মাতিছিল আৰু কাম কৰি আহিছিল ৷

তেওঁৰ লেখা-মেলাতো তাৰ প্ৰতিফলন ঘটিছিল ৷ নিয়মীয়াকৈ তেওঁ লেখা-মেলাত ব্যস্ত হৈ আছিল ৷ বিশেষকৈ নাৰীকেন্দ্ৰিক সমস্যা আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ লিখা-মেলা কৰি যথেষ্ট সমাদৰ লাভ কৰিছিল । যাৰ বাবে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ 1978 চনত হোৱা নগাঁও অধিৱেশনলৈ তেওঁ বক্তা হিচাপে নিমন্ত্ৰিত হৈছিল ৷

লগতে পঢ়কঃ পত্নীক খবৰ নিদিয়াকৈ ক’ভিডত মৃত স্বামীৰ সৎকাৰ স্বাস্থ্য বিভাগৰ

1995 চনত বিশ্বনাথ অধিৱেশন আৰু 2000 চনত গোৱালপাৰাত অনুষ্ঠিত অধিৱেশনলৈও তেওঁ নিমন্ত্ৰিত হৈছিল ৷ কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছিল ৷ 1980 চনৰ পৰা 1984 চনলৈ অনিমা গুহ কাউঞ্চিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল অফিচাৰ আছিল ৷ নাৰীকেন্দ্ৰিক লেখাৰ উপৰিও তেওঁ লিখা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে-তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন (ভ্ৰমণ কাহিনী),জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি (আত্মজীৱনীৰ প্ৰথম খণ্ড), বাকীছোৱা জীৱন (আত্মজীৱনীৰ দ্বিতীয় খণ্ড) আদি ৷

বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ অনিমা গুহৰ মৃত্যুত ৰাজ্যখনে এগৰাকী বিশিষ্ট সাহিত্যিক হেৰুৱালে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ সাহিত্যিকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰিছে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ মেডিকেল কলেজত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

এক শোক বাৰ্তাত সৰ্বানন্দ সোণোৱালে কয়-"বিশিষ্ট লেখিকা ড৹ অনিমা গুহ বাইদেউৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো ৷ সাহিত্য জগতৰ উপৰিও শিক্ষা আৰু নাৰীৰ সবলীকৰণৰ দিশত তেখেতে প্ৰভূত অৱদান আগবঢ়াই থৈ গৈছে ৷ বাইদেউৰ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো" ৷

লগতে পঢ়কঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.