ETV Bharat / city

ক‘ভিড পৰিস্থিতিক লৈ কামৰূপ জিলা প্ৰশাসনৰ সংবাদমেল - উপায়ুক্ত

গুৱাহাটীত এলেকা অনুযায়ী মাইক্ৰ’ কণ্টেইনমেণ্ট জ'ন হ'ব । গুৱাহাটীত মৃত্যুৰ হাৰ ১৩ শতাংশলৈ হ্ৰাস পাইছে ।

ক‘ভিড পৰিস্থিতিক লৈ কামৰূপ জিলা প্ৰশাসনৰ সংবাদমেল

author img

By

Published : May 16, 2021, 9:46 PM IST

গুৱাহাটী, ১৬ মে' : ক'ভিড পৰিস্থিতি উন্নত হোৱা বাবে গুৱাহাটীৰ ৮, ১৬ আৰু ২৮ নম্বৰ ৱাৰ্ডৰ কণ্টেইনমেণ্ট জ'ন উঠাই দিয়া হৈছে । সোমবাৰে পুৱা ৫ বজাৰ পৰা ৱাৰ্ড কেইটাত কণ্টেইনমেণ্ট জ'ন নাথাকিব । দেওবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

উপায়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলখনত জিলাৰ ক'ভিড পৰিস্থিতি সম্পৰ্কে অৱগত কৰি উপায়ুক্ত পেগুৱে জনসাধাৰণক সজাগ-সচেতন হৈ থকাৰ বাবে আহ্বান জনায় ।

বিগত কিছু দিন ধৰি মহানগৰীত আক্ৰান্তৰ হাৰ ১৫ শতাংশৰ পৰা ১৩ শতাংশলৈ হ্ৰাস পাইছে বুলি সদৰি কৰি উপায়ুক্তগৰাকীয়ে কয় গুৱাহাটীত ৱাৰ্ড ভিত্তিত কণ্টেইনমেণ্ট জ'ন কৰাৰ বিপৰীতে আক্ৰান্তৰ ভিত্তিত অঞ্চল অনুযায়ী মাইক্ৰ কণ্টেইনমেণ্ট জ'ন কৰাৰ চিন্তা-চর্চা কৰা হৈছে । এতিয়ালৈকে ৬-৭ টা এলেকা চিনাক্ত কৰা হৈছে ।

ক‘ভিড পৰিস্থিতিক লৈ কামৰূপ জিলা প্ৰশাসনৰ সংবাদমেল

কৰ'ণাৰ কোনো এটা লক্ষণ দেখা দিলে লগে লগে পৰীক্ষা কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাই উপায়ুক্তগৰাকীয়ে কয় , অসুস্থ অনুভৱ কৰিলেও বহুতে টেষ্ট নকৰে । বেছিকৈ অসুস্থ হ'লেহে দেৰিকৈ চিকিৎসালয় আহে । যাৰ বাবে মৃত্যুৰ হাৰ বাঢ়িছে । গুৱাহাটীত বতাহঘূলি আৰু বশিষ্ঠ শ্মশানত ক'ভিড মৃতদেহ সৎকাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব ।

আনহাতে, মঙলবাৰৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত ক'ভিড পৰীক্ষা আৰম্ভ হ'ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই সকলোকে ক'ভিড বিধি মানি চলাৰ বাবে আহ্বান জনাই কয় 'যুগ্ম আৰু অযুগ্ম নম্বৰৰ বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা বিধি উলংঘা কৰাৰ বাবে বিগত কেইদিনত ৮ লাখ ২৫ হাজাৰ জৰিমনা বিহা হৈছে । সেইদৰে মাস্ক পৰিধান নকৰাৰ বাবে ৯ লাখ ৫৫ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে ।’

আনহাতে, ২৭৯ খন বাহন জব্দ কৰাৰ উপৰিও ১,৯০০ টা ন'ন এফ আই আৰ গোচৰ ৰুজু কৰা হৈছে । নিয়ম ভংগ কৰিলে আইনগত ব্যৱস্থা লোৱা হ'ব ৷ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুয়োজনেই ৰাইজক ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি চলাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : পানী খাবলৈ পোতা দমকলত দাউ দাউকৈ জ্বলিছে জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.