ETV Bharat / city

অসম আৰক্ষীত নিযুক্তিৰ ফলাফল বিচাৰি প্ৰতিবাদ কৰা ৩৬ প্ৰাৰ্থীক গ্ৰেপ্তাৰ - যুটীয়া আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্ত

অসম আৰক্ষীৰ এবি, ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে সোমবাৰে নিবনুৱাসকলে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই প্ৰতিবাদকাৰীসকলৰ 36 জন প্ৰতিবাদকাৰীক সোমবাৰেই আৰক্ষীয়ে আটক কৰিছিল ৷

press-meet-of-guwahati-joint-commissioner-of-police-in-guwahati
অসম আৰক্ষী নিযুক্তি ফলাফল বিচাৰি গুৱাহাটীত প্ৰতিবাদ কৰা ৩৬ প্ৰাৰ্থীক আটক
author img

By

Published : Apr 19, 2022, 11:05 PM IST

Updated : Apr 20, 2022, 6:16 PM IST

গুৱাহাটী, 19 এপ্ৰিল : অসম আৰক্ষীৰ কনিষ্টবলকে ধৰি অন্যান্য বিভিন্ন শাখাৰ প্ৰায় 9 হাজাৰো অধিক পদত নিযুক্তি বাবে অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষাত আকৌ হৈছে নেকি কেলেংকাৰী ! লিখিত পৰীক্ষা ফলাফল বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰাৰ্থীক আটক কৰা ঘটনাই বিষয়টোক অধিক ৰহস্যঘন কৰি তুলিছে ।

উল্লেখ্য যে, অসম আৰক্ষীৰ এবি, ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে সোমবাৰে নিবনুৱাসকলে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই প্ৰতিবাদকাৰীসকলৰ 36 জন প্ৰতিবাদকাৰীক সোমবাৰেই আৰক্ষীয়ে আটক কৰিছিল ৷ ঘটনা সন্দৰ্ভত মঙলবাৰে কামৰূপ(ম) যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এখন সংবাদমেল আয়োজন কৰি এই কথা আনুষ্ঠানিকভাৱে অৱগত কৰে (Press meet of Guwahati Joint Commissioner of Police) ৷

পল্টনবজাৰ আৰক্ষীৰ থানাৰ 202/22 নং গোচৰত গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰী প্ৰাৰ্থীসকলক মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয় বুলি তেওঁ কয় । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে নিযুক্তি প্ৰক্ৰিয়া যাতে স্বচ্ছ হয় তাৰ বাবে সমগ্ৰ আন্দোলন প্ৰক্ৰিয়াতো তদন্ত কৰা হৈছে বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াজনে ।

অসম আৰক্ষী নিযুক্তি ফলাফল বিচাৰি গুৱাহাটীত প্ৰতিবাদ কৰা ৩৬ প্ৰাৰ্থীক গ্ৰেপ্তাৰ

প্ৰতিবাদী প্ৰাৰ্থীসকলৰ মাজত তদন্ত কৰি বৰ্তমান 36 জনক তদন্তৰ আওঁতাত ৰখা হৈছে । অধিক তদন্ত কৰি এই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে জনায় ৷ তাৎপৰ্যপূৰ্ণ কথা যে, বিগত বৰ্ষৰ 20 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল পদসমূহৰ লিখিত পৰীক্ষা (Written examination for Assam police post) ।

ইফালে বিগত প্ৰায় দুটা মাহে ফলাফল লাভ নকৰাৰ ক্ষোভত প্ৰাৰ্থীসকলে প্ৰতিবাদ কৰা বুলি সোমবাৰে অৱগত কৰিছিল । নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ-নিকা হোৱা দৰকাৰ বুলি মন্তব্য কৰি ৰিজাল্ট বিচৰাত কিবা অভিসন্ধি বা ষড়যন্ত্ৰ আছে নেকি তাৰ বাবে গোটেই ৰহস্য উদ্ঘাটন কৰা হ’ব বুলিও উল্লেখ কৰে যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ।

ধনৰ বিনিময়ত চাকৰি লেন-দেন হৈছে নেকি ? সেই কথাও সমগ্ৰ তদন্তত স্পষ্ট হ’ব বুলিও মহন্তই কয় । লগতে আটকাধীন 36 জন প্ৰাৰ্থীৰ বিৰুদ্ধে তদন্তত তথ্য প্ৰমাণ পোৱা বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰি কৰে যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰতিবাদ কৰা পৰীক্ষাৰ্থী যাব লাগিব জেললৈ : পাৰ্থ সাৰথি মহন্ত

Last Updated : Apr 20, 2022, 6:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.