ETV Bharat / city

বিত্ত বিভাগে মোকলাই দিলে পঞ্চায়ত প্ৰতিনিধিৰ ১৭০ কোটি বকেয়া

ৰাজ্য চৰকাৰে পঞ্চায়ত প্ৰতিনিধি সকলৰ বকেয়া পাৰিতোষিক ১৭০ কোটি টকা মোকলাই দিছে । পঞ্চায়ত তথা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত বিত্ত বিভাগে মোকলাই দিয়ে ১৭০ কোটি টকা ।

panchayat area Fand release By Govt
বিত্ত বিভাগে মোকলাই দিলে পঞ্চায়ত প্ৰতিনিধিৰ বকেয়া ১৭০ কোটি
author img

By

Published : Jul 11, 2021, 10:44 PM IST

গুৱাহাটী, ১১ জুলাই : কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ বাজেট অধিবেশন । ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এইখনেই হ'ব প্ৰথমখন পূৰ্ণাংগ বাজেট অধিবেশন । এই অধিবেশনতে ১৬ জুলাইত বিত্ত মন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিব । কিন্তু বাজেট দাখিলৰ পূৰ্বে দেওবাৰে ৰাজ্য চৰকাৰে পঞ্চায়ত প্ৰতিনিধি সকলৰ বকেয়া পাৰিতোষিক ১৭০ কোটি টকা মোকলাই দিছে ।

পঞ্চায়ত প্ৰতিনিধি সকলৰ পাৰিতোষিক বকেয়া হৈ থকাৰ বিষয়টো বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক অৱগত কৰে ৷ তাৰ পাচতে পিছতে এই ধনৰাশি মোকলাই দিবলৈ মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক নিৰ্দেশ দিয়ে ৷ সেই মৰ্মে আজি বিত্ত বিভাগে মোকলাই দিয়ে ১৭০ কোটি টকা ।

ইয়াৰ ফলত ২৬ গৰাকী জিলা পৰিষদৰ সভাপতি, ২৬ গৰাকী জিলা পৰিষদৰ উপ-সভাপতি, ৪২০ গৰাকী জিলা পৰিষদৰ সদস্য, ১৮৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ সভাপতি, ১৮৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ উপ-সভাপতি, ২,১৯৭ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ২১,৯৭০ গৰাকী ৱাৰ্ড মেম্বাৰ আৰু ২,১৯৭ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি উপকৃত হ’ব ।

লগতে পঢ়ক-"সেউজীয়া" ৰ মাজত কাইলৈৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.