ETV Bharat / city

শিৱিৰ বিভক্ত কংগ্ৰেছক এক কৰিবলৈ আজি অসমলৈ জিতেন্দ্ৰ সিং

শিৱিৰ বিভক্ত হৈ পৰা অসম প্ৰদেশ কংগ্ৰেছক এক কৰিবলৈ আজি অসমলৈ আহিব নৱনিযুক্ত প্ৰভাৰী তথা ৰাহুল গান্ধীৰ বাওঁহাতস্বৰূপ ৰাজস্থানৰ জীতেন্দ্ৰ সিং ৷

শিৱিৰ বিভক্ত কংগ্ৰেছক এক কৰিবলৈ আজি অসমলৈ জিতেন্দ্ৰ সিং
শিৱিৰ বিভক্ত কংগ্ৰেছক এক কৰিবলৈ আজি অসমলৈ জিতেন্দ্ৰ সিং
author img

By

Published : Nov 1, 2020, 11:43 AM IST

গুৱাহাটী, 1 নৱেম্বৰ : যি সময়ত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে কঁকালত টঙালি বান্ধি নামি পৰিছে সেই সময়তে একাধিক শিৱিৰত বিভক্ত হৈ কংগ্ৰেছ দল আভ্যন্তৰীণ খোৱা কামোৰাত ব্যস্ত হৈ আছে । প্ৰদেশ কংগ্ৰেছ সম্প্ৰতি কমেও চাৰিটা ভিন ভিন শিৱিৰত বিভক্ত হৈ পৰিছে ।

যাৰ ফলত স্বয়ং সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধেই চৰম তীৰ্যক মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । প্ৰদেশ কংগ্ৰেছৰ এনে শিৱিৰ বিভক্ত ৰূপ দেখি কংগ্ৰেছ হাইকমাণ্ডো হৈ পৰিছে উদ্বিগ্ন, চিন্তিত । যাৰ বাবে বহুধা শিৱিৰ বিভক্ত প্ৰদেশ কংগ্ৰেছক এক কৰাৰ লক্ষ্য লৈ আজি অসমলৈ আহিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং । গুৰুত্বপূৰ্ণ কথাটো হ'ল হাইকমাণ্ডে পূৰ্বৰ তত্বাৱধায়ক হৰিশ ৰাৱটক আতঁৰাই জিতেন্দ্ৰ সিঙক নতুনকৈ এই দায়িত্ব ন্যস্ত কৰিছিল যদিও দায়িত্ব পোৱাৰ প্ৰায় চাৰে তিনিমাহ উকলি যোৱাৰ পিছতো অসমলৈ আগমন ঘটা নাছিল এইগৰাকী নেতাৰ । তত্বাৱধায়ক হিচাপে জিতেন্দ্ৰ সিঙৰ এয়া হৈছে প্ৰথমটো অসম ভ্ৰমণ । আজি পোনে পোনে দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হৈ তাত এখন দলীয় সভাত ভাগ লব জিতেন্দ্ৰ সিঙে ।

শিৱিৰ বিভক্ত কংগ্ৰেছক এক কৰিবলৈ আজি অসমলৈ জিতেন্দ্ৰ সিং
অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত প্ৰভাৰী তথা ৰাহুল গান্ধীৰ বাওঁহাতস্বৰূপ ৰাজস্থানৰ জীতেন্দ্ৰ সিং

সোমবাৰে যোৰহাটত আৰু মঙলবাৰে নগাঁৱতো একোখনকৈ দলীয় সভাত তেওঁ অংশগ্ৰহণ কৰিব বুলি আজি পুৱা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে সম্প্ৰতি ডিব্ৰুগড়ত বাহৰ পাতি থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বুধবাৰে তেওঁ গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ শিবিৰ বিভক্ত নেতাসকলৰ ক্ষোভৰ বুজ ল'ব । 7 নৱেম্বৰত তেওঁ পুণৰ উভতি যাব দিল্লীলৈ ।

লগতে পঢ়ক : এইবাৰ অংক মাষ্টৰৰ ৰূপত বিধায়ক ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.