গুৱাহাটী, 9 নৱেম্বৰ : হিতেশ দেৱ শৰ্মাক অসমৰ নতুন ৰাজ্যিক এন আৰ চি সমন্বয়ক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিয়াৰ পাছতে এই পদত নিযুক্তি দিয়া হয় হিতেশ দেৱ শৰ্মাক ।

শৰ্মা বৰ্তমান বিত্ত বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে । অসম চৰকাৰে হিতেশ দেৱ শৰ্মাক এই পদত নিযুক্তিৰ বাবে অনুমোদন জনাইছে ৷