ETV Bharat / city

লক ডাউনঃ মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ

author img

By

Published : Jun 27, 2020, 10:11 PM IST

লক ডাউনৰ সময়ত চৰকাৰে গেলামালৰ দোকান সমূহো বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । ইতিমধ্যে গুৱাহাটী মহানগৰীত খাদ্য সমগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰিছে দোকান-বজাৰ সমূহত ।

More Customers in Market Place For Locked Down At Guwahati
লক ডাউনঃ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজৰ ভিৰ

গুৱাহাটী, 27 জুনঃ লক ডাউনৰ পূৰ্বে খাদ্য সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত মহানগৰবাসী । ইতিমধ্যে মহানগৰীৰ প্ৰতিখন দোকান-বজাৰত খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো ভয়াৱহ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা । বিশেষকৈ মহানগৰী গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । আনকি গুৱাহাটীত গণ সংক্ৰমণৰ ঘটনাও দেখিবলৈ পোৱা গৈছে । গুৱাহাটীত কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দেওবাৰে নিশা ১২ বজাৰ পৰা গুৱাহাটীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰিছে । এই ১৪ দিনৰ ভিতৰত প্ৰথম ৭ দিন লক ডাউন অতিকৈ কঠোৰ হোৱাৰো ইংগিত দিছে চৰকাৰে ।

আনকি এইবাৰ লক ডাউনৰ সময়ত চৰকাৰে গেলামালৰ দোকান সমূহো বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে শনিবাৰে পুৱাৰে পৰা গুৱাহাটীবাসীয়ে খাদ্য সমগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰিছে দোকান-বজাৰ সমূহত । মহানগৰীৰ প্ৰতিখন গেলামালৰ দোকান, পাচলিৰ বজাৰত ৰাইজৰ দীঘলীয়া লাইন দেখিবলৈ পোৱা গৈছে । মহানগৰবাসীয়ে যিমান পাৰে চাউল, ডালি, মিঠা তেল, আটা ক্ৰয় কৰি ঘৰ মজুত ৰখাত ব্যস্ত হৈ পৰিছে । ইফালে ৰাইজে ভিৰ দেখি কিছুমান অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ নাটনি অজুহাত দেখুৱাই সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা বুলিও জানিবলৈ পোৱা গৈছে । বিশেষকৈ আলু, পিয়াজ আৰু কণীৰ ব্যাপক নাটনি সৃষ্টি হৈছে মহানগৰীৰ বজাৰ সমূহত ।

মহানগৰীবাসীক মাত্ৰ দুদিন সময় প্ৰদান কৰি চৰকাৰে লক ডাউন ঘোষণা কৰিছে যদিও বজাৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী আছে নে নাই আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যোগান মন্ত্ৰীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । যোগান মন্ত্ৰীৰ এনে নিস্ক্ৰীয় ভূমিকাকলৈ ৰাইজে মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰিছে ।

লগতে পঢ়ক- ভূমিস্খলন প্ৰবন স্থানৰ পৰা মহানগৰবাসীক স্থানান্তৰ কৰাৰ নিৰ্দেশ ৰাজ্য় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.