ETV Bharat / city

আৰম্ভ হ'ল 'মিছন বসুন্ধৰা পৰ্টেল'

author img

By

Published : Oct 2, 2021, 7:57 PM IST

শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মিছন বসুন্ধৰা পৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ৰাজহুৱা সেৱাৰ কীৰ্তিস্তম্ভ হ’ব লাগিব ।

mission-basundhara-portal-started
আৰম্ভ হ'ল 'মিছন বসুন্ধৰা পৰ্টেল'

গুৱাহাটী, ২ অক্টোবৰ : "মোৰ মাটি মোৰ অধিকাৰ" শ্ল'গানেৰে শনিবাৰে গান্ধী জয়ন্তীৰ দিনটোতে ৰাজ্য চৰকাৰে মুকলি কৰিলে মিছন বসুন্ধৰা পৰ্টেল । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই পৰ্টেলৰ শুভাৰম্ভ কৰে । শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত এই পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ৰাজহুৱা সেৱাৰ কীৰ্তিস্তম্ভ হ’ব লাগিব । তেহে সাধাৰণ ৰাইজে চৰকাৰী প্ৰশাসনক বিশ্বাসত ল’ব ।

সাধাৰণ ৰাইজে চৰকাৰী সেৱা বিচাৰি গৈ যাতে কতো হাৰাশাস্তিৰ মুখামুখি হবলগীয়া নহয় । ৰাজহ বিষয়া সকলক নিষ্ঠা আৰু সততাৰে মিছন বসুন্ধৰা অভিযানৰ জড়িয়তে ৰাইজক সেৱা আগবঢ়াবলৈ তেওঁ আহ্বান জনায় । বিগত চাৰি মাহত ৰাজহ বিভাগে বহুখিনি ভাল কাম কৰিছে আৰু আগন্তুক দিনতো কৰি থাকিব । ভূমি অধিগ্ৰহণ সন্দৰ্ভত আগন্তুক বিধানসভা অধিবেশনত এখন নতুন আইন অনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

আৰম্ভ হ'ল 'মিছন বসুন্ধৰা পৰ্টেল'

মিছন বসুন্ধৰাৰ জড়িয়তে ৯ টা মূল বিষয় সমাধান কৰা হ’ব ।

সেইকেইটা হ'ল, ভূমিৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাদীকৰণ, মাটিৰ শ্ৰেণী পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল / স্বত্ববিহীন পট্টাদাৰৰ নামকৰ্তন, আৱন্টিত মাটিৰ ম্যাদীকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালিৰ সংশোধন) আৰু ভূমিনথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ । 2 অক্টোবৰ তাৰিখৰ পৰা ৩০ নবেম্বৰলৈ এই বসুন্ধৰা পৰ্টেলৰ জড়িয়তে ৰাইজে আবেদন জনাব পাৰিব । এই সকলো আবেদন নিস্পত্তি কৰা হব ১০ মে'ত ।

লগতে পঢ়ক : ক’ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.