ETV Bharat / city

মাস্ক আৰু চেনিটাইজাৰক অত্যাৱশকীয় সামগ্ৰীৰূপে ঘোষণা কেন্দ্ৰৰ - hand sanitizers

বিশ্বজুৰি সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে Covid-19 তথা সহজ ভাষাত কৰ’ণা ভাইৰাছ ৷ ভাৰততো ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ কৰ’ণা ভাইৰাছক লৈ ভাৰতৰ চৰকাৰৰ কিছু বিশেষ পদক্ষেপ ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজহুৱা অনুষ্ঠান বা সভা সমিতিত ভাগ নোলোৱাৰ সিদ্ধান্ত ৷

31 মাৰ্চলৈ কোনো ৰাজুহুৱা অনুষ্ঠানত অংশ নলয় অসমৰ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Mar 14, 2020, 11:30 AM IST

Updated : Mar 14, 2020, 12:25 PM IST

নিউজ ডেস্ক, 14 মাৰ্চ: বিশ্বজুৰি সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে Covid-19 তথা সহজ ভাষাত কৰ’ণা ভাইৰাছ ৷ ভাৰততো ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে অত্যাৱশকীয় সামগ্ৰী হিচাপে ঘোষণা কৰিলে মাস্ক আৰু চেনিটাইজাৰক ৷ অহা 30 জুনলৈ এই সামগ্ৰী সমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰে ৷ লগতে এই সামগ্ৰী সমূহক লৈ যাতো কোনো অসাধু ব্যৱসায়ীয়ে ক’লা বজাৰৰ সৃষ্টি নকৰে আৰু নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী নকৰে সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ নিৰ্দশেনা প্ৰদান কৰে ৷ কেন্দ্ৰীয় চৰকাৰ, অত্যাৱশ্যকীয় বস্তু অধিনিয়ম 1955ৰ 2 (ক) শাখাৰ উপ-শাখা 2 ৰ অধীনত মাস্ক, (2ply & 3ply অস্ত্ৰোপ্ৰচাৰ মাস্ক,N95 মাস্ক) আৰু হেণ্ড চেনিটাইজাৰৰ উৎপাদন,মানদণ্ড,বিতৰণ ইত্যাদিৰ সূচাৰূপে নিয়ন্ত্ৰণৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

গ্ৰাহক সেৱা প্ৰাধিকৰণৰ নিৰ্দেশাৱলী
গ্ৰাহক সেৱা প্ৰাধিকৰণৰ নিৰ্দেশাৱলী

আনহাতে শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি 31 মাৰ্চলৈকে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান বা সভা সমিতিত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্ট কৰে এই কথা । লগতে জনসাধাৰণক আতংকিত নহবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । একমাত্ৰ সাৱধানতাৰ জৰিয়তেহে ইয়াক প্ৰতিৰোধ কৰিব পাৰি বুলিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাননি জাৰি কৰা হৈছে ৷

Last Updated : Mar 14, 2020, 12:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.