ETV Bharat / city

মমতা বেনাৰ্জীয়ে বি জে পিৰ বি টীম হিচাপে কাম কৰি আছে : জীতেন্দ্ৰ সিং - working as bjps b team

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে 'আকৌ নতুন প্ৰভাত হ'ব' শীৰ্ষক কংগ্ৰেছ দলৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ(Congress holds massive training Programmes)ৰ ৷ অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ ভেঁটি অধিক শক্তিশালী কৰি তুলিবলৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ ৷

Congress State Level Training Programme
কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ
author img

By

Published : Dec 15, 2021, 8:19 PM IST

গুৱাহাটী, 15 ডিচেম্বৰ : তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী(Trinamool Congress leader Mamata Banerjee) বি জে পিৰ বি টীম(BJP's B Team) হিচাপে কাম কৰি আছে । এই মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং(Congress general secretary Jitendra Singh)ৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটী(AICC State Level Training Programme)ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কংগ্ৰেছৰ দলীয় কৰ্মীসকলৰ এখন ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ(Congress State Level Training Programme)ৰ আয়োজন কৰা হয় ৷

Congress State Level Training Programme
কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক উক্ত অনুষ্ঠানৰ উদ্ধোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত এই মন্তব্য কৰে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, যি সময়ত দেশত বিৰোধী দলবোৰে একগোট হৈ বি জে পিৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন আছিল তেনে সময়ত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী দলবোৰক দুৰ্বল কৰাৰ চেষ্টা চলায় আছে । ইয়াৰ পৰা প্ৰতীয়মান হয় যে, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বি জে পিৰ হৈ কাম কৰি আছে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে লগতে কয় যে, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দেশৰ বিভিন্ন ঠাইত বিৰোধী দলৰ মাজত বিভাজন সৃষ্টি কৰাৰ বাবে চেষ্টা চলায় আছে । ইয়াৰ পৰাই স্পষ্টভাবে ক'ব পাৰি যে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক এই কামৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে অৰ্থৰ যোগান ধৰি আছে ।

Congress State Level Training Programme start from today

উল্লেখ্য যে যোৱা আগষ্টত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত কংগ্ৰেছৰ ওপৰত মোক্ষম আঘাত হানিছিল । সুস্মিতা দেৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছৰে পৰা বৰাকত কংগ্ৰেছৰ ভেঁটি দুৰ্বল হোৱা বুলি চৰ্চিত হৈছে ।

লগতে পঢ়ক : Congress training camp: কংগ্ৰেছৰ আকৌ নতুন প্ৰভাত হ'ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.